প্ৰথম বাহিনী এছএছবিৰ উদ্যোগত চিকিৎসা আৰু পশু চিকিৎসা শিবিৰৰ আয়োজন
গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। সুনীল কৌশিক, কমাণ্ডেণ্ট, প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছএছবি), সোণাপুৰৰ নিৰ্দেশনা আৰু মাৰ্গদৰ্শনত আজি বাহিনীটোৰ ‘ডি’ কোম্পানীৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত মৰিগাঁও জিলাৰ বানপাৰা গাঁৱত এটা চিকিৎসা আৰু পশু চিকিৎসা শিবিৰৰ আয়
এছ এছ বি ১ম বেটেলিয়নৰ উদ্যোগত আয়োজিত স্বাস্থ্য শিবিৰৰ দৃশ্য


গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। সুনীল কৌশিক, কমাণ্ডেণ্ট, প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছএছবি), সোণাপুৰৰ নিৰ্দেশনা আৰু মাৰ্গদৰ্শনত আজি বাহিনীটোৰ ‘ডি’ কোম্পানীৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত মৰিগাঁও জিলাৰ বানপাৰা গাঁৱত এটা চিকিৎসা আৰু পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল স্থানীয় গাঁওবাসী আৰু পশুপালকসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰা তথা পশুৰ স্বাস্থ্য, উপযুক্ত যত্ন আৰু সময়মতে চিকিৎসাৰ বিষয়ে সজাগতা সৃষ্টি কৰা। এই উপলক্ষে ডাঃ ই. চৌবা সিং, কমাণ্ডেণ্ট (পশু চিকিৎসা) আৰু ডাঃ মৈনাক গোস্বামী, সহকাৰী কমাণ্ডেণ্ট (চিকিৎসা বিষয়া)ৰ লগতে অন্যান্য সংশ্লিষ্ট বিষয়া আৰু চিকিৎসাকৰ্মীসকল উপস্থিত থাকে।

শিবিৰৰ সময়ছোৱাত মানৱ চিকিৎসা সেৱাৰ অধীনত মুঠ ৪৪ গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰা হয়। আনহাতে, পশু চিকিৎসা শিবিৰৰ অধীনত মুঠ ১১৪ টা পশুৰ চিকিৎসা কৰা হয়, যাৰ ফলত ৬১ গৰাকী পশুপালক উপকৃত হয়। এই সময়ছোৱাত গাঁওবাসীসকলক মানৱ স্বাস্থ্য আৰু পশুৰ উপযুক্ত যত্ন সম্পৰ্কে প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শও প্ৰদান কৰা হয়। ইয়াৰ উপৰি, জনস্বাস্থ্য আৰু পশু কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে দুটা সজাগতামূলক বক্তৃতাৰ আয়োজন কৰা হয়।

এই জনকল্যাণমূলক পদক্ষেপৰ ফলত স্থানীয় গাঁওবাসী আৰু পশুপালকসকলে প্ৰয়োজনীয় স্বাস্থ্যসেৱা লাভ কৰে। লগতে, সশস্ত্ৰ সীমা বল আৰু স্থানীয় জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতা, বিশ্বাস আৰু সৌহাৰ্দ্য অধিক শক্তিশালী কৰাত এই কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰে সীমান্তৱৰ্তী আৰু স্থানীয় অঞ্চলৰ জনসাধাৰণৰ কল্যাণ, স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি তথা জনহিতকৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande