
শোণিতপুৰ, ১৫ অক্টোবৰ (হি.স.)। তেজপুৰত শোণিতপুৰ বিজেপি ৰ উদ্যোগত বিজেপিৰ জনজাগৰণ যাত্ৰা৷ শোণিতপুৰৰ সাংসদ ৰঞ্জিত কুমাৰ দত্ত, জিলা খনৰ মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত তেজপুৰ ছহিদ বাকৰিৰ পৰা আৰম্ভ হোৱা এই জন জাগৰন যাত্ৰাত বৰচলাৰ বিধায়ক ৰিতুবৰণ শৰ্মা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাতি আৰু বিশ্বনাথৰ বিধায়ক পল্লৱলোচন দাসে অংশ গ্ৰহণ কৰে৷
জিলাখনৰ পাচটা সমষ্টিৰ বিজেপিৰ কৰ্মী সকলে এই জনজাগৰণ যাত্ৰাত অংশ গ্ৰহণ কৰে৷ এটা বিশেষ চক্ৰই ভাৰতত যি চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে এয়া বিজেপিৰ যাত্ৰা বুলি মন্তব্য কৰে সাংসদ ৰঞ্জিত দত্তই৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা