১৬ অক্টোবৰত বাংগালুৰুৰ অসম ভৱন উদ্বোধন
গুৱাহাটী, ১৫ অক্টোবৰ(হি.স.)। কৰ্ণাটকলৈ যোৱা অসমৰ জনসাধাৰণৰ সুবিধাৰ্থে অসম চৰকাৰৰ উদ্যোগত কৰ্ণাটকৰ বাংগালুৰুত নিৰ্মাণ কৰা অসম ভৱনটো কাইলৈ অৰ্থাৎ ১৬ অক্টোবৰত শুভ উদ্বোধন কৰা হ''ব । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত
১৬ অক্টোবৰত বাংগালুৰুৰ অসম ভৱন উদ্বোধন


গুৱাহাটী, ১৫ অক্টোবৰ(হি.স.)। কৰ্ণাটকলৈ যোৱা অসমৰ জনসাধাৰণৰ সুবিধাৰ্থে অসম চৰকাৰৰ উদ্যোগত কৰ্ণাটকৰ বাংগালুৰুত নিৰ্মাণ কৰা অসম ভৱনটো কাইলৈ অৰ্থাৎ ১৬ অক্টোবৰত শুভ উদ্বোধন কৰা হ'ব । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকিব । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।

বাংগালুৰুৰ দদ্দা আলাদমাৰা ৰ'ডৰ ভীমানাকুপ্পী /ৰাম'হাল্লি অঞ্চলত নিৰ্মিত অসম ভৱনৰ পৰা অসমৰ ৰাইজ যথেষ্ট উপকৃত হ'ব।কৰ্ণাটকলৈ যোৱা অসমৰ লোকসকলক উন্নত আৱাসিক আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ লগতে চৰকাৰী কাম-কাজ, সাংস্কৃতিক বিনিময় আৰু আন্তঃৰাজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই ভৱন নিৰ্মাণ কৰা হৈছে ।

উল্লেখ্য যে ২০০৮ চনত এই প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰা হৈছিল আৰু ২০১১ চনত ভৱনটোৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আধুনিক সা-সুবিধাৰে নিৰ্মিত এই অসম ভৱনে অসমৰ জনসাধাৰণৰ বাবে এক সুবিধাজনক আশ্ৰয়স্থল হিচাপে সেৱা আগবঢ়োৱাৰ লগতে অসম আৰু কৰ্ণাটকৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্পৰ্ক বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

প্ৰায় ১২ বিঘা ভূমিৰে আবৰি থকা অঞ্চলত ৭১.২৪ কোটি টকাৰে নিৰ্মিত এই ভৱনটোত নিম্ন ভূ-তল আৰু ঊৰ্ধ্ব ভূ-তলৰ লগতে চাৰিটা মহলা আছে । ইয়াত বিশিষ্ট অতিথিৰ বাবে বিশেষ কোঠাৰ লগতে আধুনিক সা-সুবিধাসম্পন্ন আৱাসিক কক্ষ আৰু ডৰ্মিটৰীৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰি সন্মিলন কক্ষ, ভোজনালয়, ৰেস্তোৰাঁ, ভি আই পি ভোজনকক্ষ, ভোজগৃহ আৰু প্ৰদৰ্শনী গৃহ আদিৰ দৰে সুবিধাও উপলব্ধ ।

এই ভৱনটোৱে বিভিন্ন কামত কৰ্ণাটকলৈ যোৱা অসমৰ লোক তথা চৰকাৰী বিষয়া-কৰ্মচাৰী আদিক সহায় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । একে সময়তে ই অসম চৰকাৰৰ আন্তঃৰাজ্যিক যোগাযোগ, জনসেৱা আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধিৰ প্ৰচেষ্টাকো নতুন মাত্ৰা প্ৰদান কৰিব ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande