
গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বিষ্ণু-জ্যোতি কলা ক্ষেত্ৰত টেট শিক্ষা আহৰণৰ দিশত আৰ্থিক সকাহ দিবৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ সমান্তৰালকৈ বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ত আয়োজন কৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰে ৷
মহাবিদ্যালয় খনৰ ১৫০২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ চেক লাভ কৰে ৷ সমান্তৰালকৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগে প্ৰস্তুত কৰি উলিওৱা কিশলয় নামৰ গ্ৰন্থখনো উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে সমগ্ৰ অসমবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা