
–দেশৰ সংবিধান-গণতন্ত্ৰৰ পক্ষত শক্তিশালী ৰূপত অসমৰ জনতা
গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। 'নাচিব নাজানিলে চোতাল বেঁকা'- অসমীয়াত প্রচলিত এই আপ্ত বাক্যশাৰীকে যেন বাৰে বাৰে সঁচা প্রতিপন্ন কৰিছে দেশৰ বিৰোধী দলসমূহে। প্রতিটো নির্বাচনত বিজেপি তথা এনডিএৰ হাতত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে সেই পৰাজয়ক স্বীকাৰ নকৰি পৰাজয়ৰ অজুহাত বিচাৰি থকাটো এতিয়া পৰম্পৰাত পৰিণত হৈছে। ৰাহুল গান্ধীৰ নেতৃত্বত প্রধান বিৰোধী দল কংগ্ৰেছে শতাধিক নিৰ্বাচনত পৰাজিত হৈছে। তৃণমূল কংগ্ৰেছৰ দৰে ৰাজনৈতিক দলে দীর্ঘদিন ধৰি ভয়-ভাবুকি, ভুৱা ভোটাৰেৰে ব্যাপক ৰিগিং কৰি ক্ষমতাত অধিস্থিত হৈ আছিল, দেশৰ নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী কৰাৰ পিছত সান্দহ খোৱা বালি তল গ'ল। সমাজবাদী পাৰ্টিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক উত্তৰ প্ৰদেশৰ ভোটাৰ ৰাইজে বাৰে বাৰে প্রত্যাখ্যান কৰিলে।
দুর্নীতিৰ বিৰুদ্ধে আন্দোলন কৰি ক্ষমতা দখল কৰা অৰবিন্দ কেজৰিৱালৰ আম আদমী পার্টি নিজেই দুর্নীতিত লুতুৰি-পুতুৰি হোৱাৰ পিছত দিল্লীৰ জনতাই ক্ষমতাৰ পৰা আঁতৰাই দিলে। মদগৰ্বী প্রভুত্ববাদৰ ৰাজনীতি কৰি অহাৰ বাবে উদ্ধৱ থাকৰেৰ শিৱসেনাক মহাৰাষ্ট্ৰৰ জনতাই ক্ষমতাৰ পৰা নামিবলৈ বাধ্য কৰালে। এনে পৰিস্থিতিত এতিয়া দেশৰ বিৰোধী দলসমূহ চৰম হতাশাগ্রস্ততাত ভূগিছে। ক্ষমতা হেৰুৱাই তেওঁলোক একপ্ৰকাৰ উন্মাদৰ দৰে হৈ পৰিছে। সেয়ে নিজৰ ব্যৰ্থতাক ঢাকিবলৈ তেওঁলোকে ভাৰতবৰ্ষৰ সাংবিধানিক সংস্থাসমূহক বদনামী কৰিবলৈ উঠিপৰি লাগিছে। তৃণমূলৰ জনতাৰ পৰা বিচ্ছিন্ন হৈ পৰা বিৰোধীয়ে এতিয়া নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সলনি দেশৰ সাংবিধানিক সংস্থা নির্বাচন আয়োগৰ বিশ্বাসযোগ্যতা খর্ব কৰাৰ কাৰণে নিত্যনতুন ষড়যন্ত্র ৰচনা কৰিছে। এই ষড়যন্ত্ৰৰে অংশ হিচাপে তেওঁলোকে নির্বাচন আয়োগে ৰূপায়ণ কৰা এছআইআৰক লৈ দেশৰ জনতাৰ মাজত অনাহক সন্দেহৰ ভাৱ সুমুৱাই দিয়াৰ অপচেষ্টা কৰিছে। কিন্তু ভাৰতবৰ্ষৰ জনতাই বিৰোধীৰ এই কু-চক্রান্ত ভালদৰেই বুজি উঠিছে।
অসমৰ ৰাইজো বিৰোধীৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে একত্ৰিত হৈছে। বিৰোধী দলসমূহৰ এই দেশবিৰোধী কু-চক্ৰান্তৰ বিৰুদ্ধে শেহতীয়াকৈ অসমৰ নতুন প্রজন্ম সংগঠিত ৰূপত ৰাজপথলৈ ওলাই আহিছে। ৰাজ্যখনৰ কৃষক, মহিলাসকলেও ৰাজপথত সমদল কৰি সমস্বৰে শ্লোগান দি দেশৰ হকে আৰু দেশৰ অপশক্তিসমূহৰ বিৰুদ্ধে কঠোৰ বার্তা প্ৰেৰণ কৰিছে। বিগত দুটা দিনত নলবাৰী, যোৰহাট, শিলচৰ আৰু ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীত লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহিছে। দেশৰ সংবিধান তথা গণতন্ত্র ৰক্ষা কৰাৰ বাবে শপত লৈছে। আজিৰ দিনটোতো ৰাজ্যখনৰ অন্যতম সাংস্কৃতিক নগৰী তেজপুৰ, ৰাজ্যৰ দ্বিতীয় ৰাজধানী চহৰ ডিব্ৰুগড় আৰু নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ বৰপেটাৰোডত দেশৰ হকে, অপশক্তিৰ বিৰুদ্ধে লক্ষাধিক জনতাই ৰাজপথত সমদল কৰিছে।
অসম প্রদেশ ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক মুখপাত্র কমল কুমাৰ মেধিয়ে এক বিবৃতিত এই সমদল কাৰ্যসূচীৰ বিষয়ে সদৰী কৰিছে। বিবৃতিটোত আজিৰ কাৰ্যসূচীৰ সবিশেষ উল্লেখ কৰি মুখপাত্র শ্রীমেধিয়ে অসমৰ একত্ৰিত জনতা নৰেন্দ্ৰ মোদী আৰু দেশৰ গণতন্ত্ৰৰ পক্ষত শক্তিশালী ৰূপত আছে বুলি দৃঢ়তাৰে দোহাৰে। আজি বৰপেটাৰোডত আয়োজিত সমদল কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়- “কেইদিনমান ধৰি কিছু অপশক্তিয়ে দেশখনক অস্থিৰ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। দেশখনক অস্থিৰ কৰাৰ নামত ভাৰত বিৰোধী বিদেশী শক্তিৰ সৈতে হাত মিলাইছে । কিন্তু আমাৰ দেশৰ জনতা আছে নৰেন্দ্ৰ মোডীৰ লগত। ৰাহুল গান্ধী আৰু বামপন্থীয়ে বিচাৰিছে দেশলৈ বিশৃংখলতা আহক। কিন্তু ৰাইজ আছে মোডীৰ লগত, ৰাহুল গান্ধীৰ লগত নাই। ৬০ বছৰ দেশখনৰ জনতাক অপশাসন উপহাৰ দিয়া দেশবাসীয়ে গান্ধী পৰিয়ালৰ মূৰত ৰামটাঙোন মাৰিছে । আমাৰ যাত্ৰা হৈছে দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে।” ২০ সহস্রাধিক লোকৰ উপস্থিতিত আয়োজিত এই বিশাল সমদল কার্যসূচীত সভাপতি দিলীপ শইকীয়াৰ লগতে ৰাজ্যৰ কেবিনেট মন্ত্রী অশ্বিনী ৰায় সৰকাৰ, দলৰ উপ-সভাপতি মনোজ বৰুৱা, বৰপেটা জিলা বিজেপিৰ সভানেত্রী সবিতা দেৱনাথকে ধৰি বহুকেইগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে ।
ইপিনে, ডিব্রুগড়ত আয়োজিত দেশৰ হকে, অপশক্তিৰ বিৰুদ্ধে আয়োজিত সমদল কার্যসূচীত অংশগ্রহণ কৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা বৰ্তমানৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় কংগ্ৰেছ ভাৰতৰ চিৰ শত্রু। কংগ্রেছ দলটো হৈছে গণতন্ত্ৰৰ হত্যাকাৰী। ১৯৭৫ চনত যেতিয়া জৰুৰীকালীন অৱস্থা জাপি দি ভাৰতৰ আইন ব্যৱস্থা, ভাৰতবৰ্ষৰ সাংবিধানিক ব্যৱস্থা আৰু ভাৰতবৰ্ষৰ গণতন্ত্রক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছিল তাৰ বাবে কংগ্ৰেছ দলক ভাৰতবৰ্ষৰ জনগণে বিশ্বাস নকৰে । ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰৰ পৰা চৰকাৰী পুৰণা হাইস্কুল খেলপথাৰলৈ কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ সমৰ্থিত দলসমূহে ভাৰত বিৰোধী শক্তিসমূহৰ সৈতে লাগলগি যি ৰাষ্ট্ৰবিৰোধী কার্যকলাপত লিপ্ত হৈছে তাৰ বিৰুদ্ধে জনজাগৰণ সমদল উলিয়ায়। জিলাখনৰ সৰ্বস্তৰৰ ১৫,০০০তকৈও অধিক লোকৰ সমাগমেৰে ৰাষ্ট্ৰবিৰোধী শক্তিক ধূলিস্যাৎ কৰাৰ লক্ষ্যৰে আয়োজিত জনজাগৰণ সমদলৰ নেতৃত্ব দিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে।
ডিব্ৰুগড়ত আয়োজিত জনজাগৰণ সমদলত ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ঋতুপর্ণ বৰুৱাই পৰিচালনা কৰা প্ৰতিবাদী সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্রীদ্বয় ক্রমে বিমল বড়া, ৰামেশ্বৰ তেলী, জ্যেষ্ঠ বিধায়ক প্রশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈয়ে ভাষণ প্রদান কৰে। তদুপৰি প্ৰাক্তন বিধায়ক তথা ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা পুষ্পাঞ্জলি সোনোৱাল, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টঙ্কেশ্বৰ সোনোৱাল, ভাৰতীয় জনতা পার্টি, অন্যান্য পিছপৰা শ্ৰেণীৰ ৰাজ্যিক সভাপতি সুভাষ দত্ত, বিজেপিৰ জিলা সভাপতি দুলাল বৰা, জিলা সাধাৰণ সম্পাদকদ্বয় সুশীল তাছা আৰু ভুৱন দত্তকে ধৰি অসম প্রদেশ বিজেপিৰ ডিব্ৰুগড় জিলাৰ বহু কেইগৰাকী শীর্ষ নেতৃত্বৰ বিভিন্ন প্রান্তৰ পৰা অহা কর্মকর্তাসকল উপস্থিত থাকে।
ভাৰতীয় জনতা পার্টি, শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি ঐতিহাসিক তেজপুৰ চহৰত এক অভূতপূর্ব আৰু বিশাল 'জন জাগৰণ সমদল' সফলতাৰে ৰূপায়িত হয়। ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ শোণিতপুৰ জিলাৰ প্ৰায় ১৮,০০০ ৰাষ্ট্ৰবাদী যুৱক-যুৱতী তথা শোণিতপুৰ জিলাৰ অন্তৰ্গত সকলো পর্যায়ৰ কাৰ্যকর্তা একত্ৰিত হৈ অপশক্তিৰ সকলো ধৰণৰ অপপ্ৰচাৰৰ বিৰুদ্ধে এক শক্তিশালী বার্তা প্ৰেৰণ কৰে। আজি বিয়লি ৩ বজাত তেজপুৰৰ ঐতিহাসিক শ্বহীদ বাকৰিৰ পৰা এই সমদলৰ যাত্ৰা আৰম্ভ হয়। ভাৰত মাতা কী জয় আৰু ৰাষ্ট্ৰীয় একতাৰ ধ্বনিৰে সমগ্র তেজপুৰৰ আকাশ-বতাহ উত্তাল কৰি সমদলটো ভর্তক আৰু ত্রিবেণী হৈ জয়মতী পথাৰত উপস্থিত হয় আৰু তাতেই কাৰ্যসূচীৰ সফল সামৰণি পৰে। উক্ত বিশাল সমদলত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট নেতৃত্বই উপস্থিত থাকি সমদলত নেতৃত্ব প্রদান কৰে।
অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্রী অশোক সিংহাল, সাংসদ ৰঞ্জিত দত্ত, বিধায়কসকল ক্রমে পল্লব লোচন দাস, পদ্ম হাজৰিকা, কৃষ্ণ কমল তাঁতী, আৰু ঋতুবৰণ শৰ্মাকে ধৰি বহুকেইগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে। সমদলৰ সফলতা আৰু যুৱ সমাজৰ অভূতপূর্ব সঁহাৰি সন্দৰ্ভত বক্তব্য ৰাখি অসমৰ কেবিনেট মন্ত্রী অশোক সিংঘলে কয়, আজিৰ এই গণ-জাগৰণে প্ৰমাণ কৰিলে যে শোণিতপুৰৰ যুৱ সমাজ ৰাষ্ট্ৰীয় আদৰ্শ আৰু বিকাশৰ নীতিৰ সতে দৃঢ়ভাবে থিয় দিছে। সমাজত বিভাজন আনিব বিচৰা আৰু বিকাশৰ গতি স্তব্ধ কৰিব বিচৰা অপশক্তিৰ অপপ্ৰচাৰৰ বিৰুদ্ধে আমাৰ ৰাষ্ট্ৰবাদী যুৱ সমাজে আজি এক সৱল উত্তৰ দিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ