৫৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় খো-খো চেম্পিয়নশ্বিপ: খিতাপৰ দৌৰত ৭৬টা দল
নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। ২৬খন ৰাজ্য, ৬খন কেন্দ্ৰীয় শাসিত অঞ্চল, ৪খন প্ৰতিষ্ঠান, আৰু ৩টা সহযোগী সদস্য সংস্থাৰ ৩৮টা পুৰুষ আৰু ৭৬টা মহিলা দলে ৫৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় খো-খো চেম্পিয়নশ্বিপ (২০২৫-২৬)ৰ খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব
खोखो के एक मैच का दृश्य


নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। ২৬খন ৰাজ্য, ৬খন কেন্দ্ৰীয় শাসিত অঞ্চল, ৪খন প্ৰতিষ্ঠান, আৰু ৩টা সহযোগী সদস্য সংস্থাৰ ৩৮টা পুৰুষ আৰু ৭৬টা মহিলা দলে ৫৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় খো-খো চেম্পিয়নশ্বিপ (২০২৫-২৬)ৰ খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অহা ১১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ তেলেংগানাৰ কাজিপেটত অনুষ্ঠিত হ’ব এই চেম্পিয়নশ্বিপ।

ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে ক্ৰীড়াবিদ আৰু পাৰস্পৰিক গৌৰৱৰ প্ৰসাৰৰ উদ্দেশ্যে এইবাৰ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ দল হিচাপে যৌথভাৱে অংশগ্ৰহণ কৰিব। আই টি বি পি আৰু এছ এছ বি (পুৰুষ আৰু মহিলা উভয়)ৰ খেলুৱৈসকলে একেটা বেনাৰৰ অধীনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

ইফালে, সৰ্বভাৰতীয় আৰক্ষী ক্ৰীড়া নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধীনত ৰাজ্যৰ আৰক্ষী বাহিনীসমূহে সংযুক্ত দল হিচাপে (পুৰুষ আৰু মহিলা উভয় শাখাত এটাকৈ দল) প্ৰতিদ্বন্দ্বিতা কৰিব। এই দলটোত মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, তামিলনাডু, আৰু পঞ্জাৱৰ ৰাজ্যিক আৰক্ষী বাহিনীৰ পৰা নিৰ্বাচিত খেলুৱৈসকল থাকিব।

এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে জম্মু-কাশ্মীৰ, পুডুচেৰী, দিল্লী, দাদৰা আৰু নগৰ হাভেলী, চণ্ডীগড়, আৰু লাডাখ। এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা প্ৰতিষ্ঠানিক দলসমূহ হ’ল ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ, ৰে’লৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ড, সৰ্বভাৰতীয় আৰক্ষী ক্ৰীড়া নিয়ন্ত্ৰণ ব’ৰ্ড, আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী। সহযোগী সদস্য সংঘসমূহৰ ভিতৰত আছে কলহাপুৰ, বিদৰ্ভ, আৰু মধ্য ভাৰত।

খো-খো ফেডাৰেচন অৱ ইণ্ডিয়া (কেকেএফআই)ৰ সভাপতি সুধনছু মিট্টালে কয় যে, দেশৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ প্ৰতিভাই চিনিয়ৰ নেচনেলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। খো-খো হৈছে এক আধুনিক, প্ৰতিযোগিতামূলক, আৰু বিশ্বব্যাপী ক্ৰীড়া যিয়ে ৰোমাঞ্চ আৰু একচন-পেকড মনোৰঞ্জন প্ৰদান কৰে।

কেকেএফআইৰ সাধাৰণ সম্পাদক উপকাৰ সিং ভাৰ্কে কয় যে, ৰাতিপুৱা আৰু বিয়লিৰ অধিবেশনত মেচ অনুষ্ঠিত হ'ব, আৰু ফ্লাডলাইটৰ ব্যৱস্থা কৰা হৈছে। চাৰিখন মেট ক'ৰ্টকে ধৰি চেম্পিয়নশ্বিপৰ বাবে মুঠ ছখন ক'ৰ্ট আছে। ক্ৰীড়া বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্তৰ্ভুক্তিয়ে খো-খোক এক নতুন প্ৰান্ত দিছে আৰু ইয়াৰ মানদণ্ড উন্নত কৰিছে।

এই মেচসমূহ লীগ-কাম-নকআউট ফৰ্মেটত অনুষ্ঠিত হ’ব। ১৪ জানুৱাৰীত প্ৰি কোৱাৰ্টাৰ ফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৫ জানুৱাৰীত অনুষ্ঠিত হ’ব ছেমিফাইনেল আৰু ফাইনেল।

কে কে এফ আইৰ প্ৰশাসন আৰু সংগঠনৰ অধ্যক্ষ ড০ এম এছ ত্যাগীয়ে কয় যে খো-খোৰ জনপ্ৰিয়তা অহৰহ বৃদ্ধি পাইছে। তেওঁ কয়, মই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা সকলো দল আৰু খেলুৱৈক অভিনন্দন জনাইছো আৰু তেওঁলোকক শুভেচ্ছা জনাইছো। প্ৰতিষ্ঠানসমূহৰ সুস্থ অংশগ্ৰহণে খো-খোৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক প্ৰতিফলিত কৰিছে। যুৱক-যুৱতীসকলে খো-খোত কেৰিয়াৰ গঢ়ি তোলাৰ প্ৰতি ক্ৰমান্বয়ে প্ৰৱল, কিয়নো ই সুযোগ আৰু স্বীকৃতি দুয়োটা প্ৰদান কৰে।

তেলেংগানা খো-খো এছ’চিয়েশ্যনৰ সম্পাদক এন কৃষ্ণমূৰ্তিয়ে কয় যে, কাজিপেটৰ ​​ৰেলৱে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই চেম্পিয়নশ্বিপ। চেম্পিয়নশ্বিপৰ সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰায় ১৬৪ জন কাৰিকৰী বিষয়া, ৮০ জন প্ৰশিক্ষক, বিষয়ববীয়া আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকিব।

উল্লেখ্য যে ২০২৫ চনৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে ওড়িশাৰ পুৰীত অনুষ্ঠিত ৫৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় খো-খো চেম্পিয়নশ্বিপত পুৰুষৰ শাখাত ৰে’লৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডে খিতাপ দখল কৰাৰ বিপৰীতে মহিলা শাখাত মহাৰাষ্ট্ৰ বিজয়ী হৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande