
আহমেদাবাদ, ০৯ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই শুকুৰবাৰে বীৰ সাৱৰকাৰ ক্ৰীড়া পৰিসৰত অনুষ্ঠিত হোৱা ক্ৰীড়া শাসন কনক্লেভত ভাষণ দিয়ে। ভাৰত চৰকাৰে গুজৰাট চৰকাৰ আৰু ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যন (আই অ’ এ)ৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনত নেশ্যনেল স্প’ৰ্টছ ফেডাৰেচন (এন এছ এফ), ষ্টেট অলিম্পিক এছ’চিয়েশ্যন, আই অ’ এৰ কাৰ্যবাহী পৰিষদৰ সদস্যসকলে অংশগ্ৰহণ কৰে।
ড০ মাণ্ডবিয়াই ভাৰতৰ ক্ৰীড়া পৰিৱেশ তন্ত্ৰৰ বাবে চৰকাৰৰ স্পষ্ট আৰু কঠোৰ অগ্ৰাধিকাৰৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ ক্ৰীড়া প্ৰশাসনৰ উন্নতি, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক অভিজ্ঞতা প্ৰদান, তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈকে প্ৰতিভা চিনাক্ত আৰু লালন-পালন, প্ৰশিক্ষক ব্যৱস্থা শক্তিশালী কৰা, আৰু ক্ৰীড়াৰ আন্তঃগাঁথনি, একাডেমী আৰু লীগত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিগত ডেৰ বছৰত ভাৰতীয় ক্ৰীড়াৰ উন্নতিৰ বাবে চৰকাৰে এক শক্তিশালী প্ৰতিষ্ঠানিক ভেটি স্থাপন কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন আইন (এন এছ জি এ), খেলো ইণ্ডিয়া নীতি, সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ নিয়মাৱলীৰ সংস্কাৰ, প্ৰশিক্ষক নিযুক্তি ব্যৱস্থাৰ পৰিৱৰ্তন আদি পদক্ষেপৰ উদ্ধৃতি দি তেওঁ কয় যে চৰকাৰে প্ৰতিটো সিদ্ধান্ত ৰাজনৈতিক ইচ্ছাশক্তি আৰু স্পষ্ট উদ্দেশ্যৰে কাৰ্যকৰী কৰিছে।
ড° মাণ্ডভিয়াই নিৰ্দ্বিধায় কয় যে ক্ৰীড়া ফেডাৰেচনৰ ভিতৰত দীৰ্ঘদিনীয়া সমস্যাসমূহ—যেনে আভ্যন্তৰীণ ৰাজনীতি, দুৰ্নীতি, পক্ষপাতদুষ্ট নিৰ্বাচনৰ বিচাৰ, খেলুৱৈসকলৰ প্ৰতি অন্যায়, প্ৰশাসনিক বিবাদ, আৰু আৰ্থিক অনিয়ম—এতিয়া শেষ হ’ব লাগিব। তেওঁ কয় যে খেলুৱৈ আৰু দেশৰ সুনাম আমাৰ বাবে সৰ্বোচ্চ।
তেওঁ স্পষ্ট কৰি দিয়ে যে চৰকাৰে ক্ৰীড়া ফেডাৰেচনৰ স্বায়ত্তশাসনক সন্মান কৰে, কিন্তু একে সময়তে সকলো প্ৰতিষ্ঠানে সততা, স্বচ্ছতা, আৰু খেলুৱৈকেন্দ্ৰিক শাসনৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিব লাগিব। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এন এছ জি এৰ ফলপ্ৰসূ ৰূপায়ণৰ দায়িত্ব ফেডাৰেচনসমূহৰ হ’ব, য’ত সময়োপযোগী আৰু নিকা নিৰ্বাচন, বিত্তীয় স্বচ্ছতা, সক্ৰিয় খেলুৱৈ আয়োগ, নৈতিকতা আয়োগ, নিৰ্ধাৰিত প্ৰশাসনিক মানদণ্ডৰ কঠোৰ পালন আদি অন্তৰ্ভুক্ত কৰা হৈছে।
সন্মিলনত মন্ত্ৰীগৰাকীয়ে সকলো ক্ৰীড়া ফেডাৰেচনক অহা এবছৰ, তিনি, পাঁচ, আৰু দহ বছৰৰ বাবে স্পষ্ট ৰোডমেপ প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ জোৰ দি কয় যে ক্ৰীড়া সংস্থাসমূহ পেছাদাৰীভাৱে পৰিচালিত হ’ব লাগে, য’ত যোগ্য চিইঅ’, বিত্তীয় বিশেষজ্ঞ, বিপণন পেছাদাৰী, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক, আৰু বিশেষ পৰিচালনা দল থাকিব লাগে।
ড° মাণ্ডৱিয়াই লগতে ঘোষণা কৰে যে চৰকাৰে অতি সোনকালে স্বচ্ছ আৰু মানক নিৰ্বাচন পৰীক্ষা, এক কৰ্পৰেট, এক ক্ৰীড়া মডেল, আৰু খেলুৱৈসকলৰ বাবে উন্নত কল্যাণমূলক পেকেজৰ দৰে নীতিগত পদক্ষেপ আৰম্ভ কৰিব। ক্ৰীড়া বিজ্ঞান, পুষ্টি, আঘাত ব্যৱস্থাপনা, আৰু উচ্চ প্ৰদৰ্শনৰ সহায়ৰ ক্ষেত্ৰত ৰাজহুৱা বিনিয়োগৰ উল্লেখযোগ্য উদাহৰণ দি তেওঁ ফেডাৰেচনসমূহক চৰকাৰৰ গতি আৰু উচ্চাকাংক্ষাৰ সৈতে খোজ মিলাবলৈ আহ্বান জনায়।
ভাৰতৰ দীৰ্ঘম্যাদী ক্ৰীড়া দৃষ্টিভংগীৰ পুনৰাবৃত্তি কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অলিম্পিকৰ পদক তালিকাত শীৰ্ষ ১০ স্থানত স্থান লাভ কৰাটো আলোচনাৰ অবিহনে ৰাষ্ট্ৰীয় লক্ষ্য। এই লক্ষ্যত উপনীত হোৱাত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন আৰু ৰাজ্যিক অলিম্পিক সন্থাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
তেওঁ কয়, এছিয়ান গেমছ ২০২৬ৰ পৰা আৰম্ভ কৰি প্ৰতিখন ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাই ধাৰাবাহিকভাৱে প্ৰদৰ্শনৰ উন্নতি প্ৰদৰ্শন কৰিব লাগিব। কমনৱেলথ গেমছ ২০৩০ ভাৰতৰ বাবে এক ঐতিহাসিক সফলতা হ'ব লাগিব—আয়োজক হিচাপেই হওক বা ক্ৰীড়া শক্তিশালী হিচাপেই হওক।
ভাষণৰ সামৰণিত ড০ মাণ্ডবিয়াই বৰ্তমানৰ যুগটোক ভাৰতীয় ক্ৰীড়াৰ সোণালী যুগ বুলি অভিহিত কৰি এক শক্তিশালী বাৰ্তা প্ৰদান কৰে যে, ইতিহাসে এই সময়ছোৱাত আমি কি লাভ কৰিলোঁ সেই কথা মনত ৰাখিব আৰু আমি যি কামত ব্যৰ্থ হ'লোঁ তাৰ বাবে আমাক ক্ষমা নকৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ