
নৱী মুম্বাই, ১০ জানুৱাৰী (হি.স.)। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বেগী বলিং অল ৰাউণ্ডাৰ পূজা বষ্ট্ৰকাৰৰ হামষ্ট্ৰিঙৰ আঘাতৰ বাবে অহা দুসপ্তাহৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব। এই কথা শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৬ৰ উদ্বোধনী মেচৰ পিছত নিশ্চিত কৰে আৰ চি বিৰ মুখ্য প্ৰশিক্ষক মেলোলন ৰঙাৰাজনে।
মেলোলন ৰঙাৰাজনে কয়, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে নিৰ্বাচনৰ বাবে পূজা বষ্ট্ৰকাৰ উপলব্ধ নাছিল। দুৰ্ভাগ্যজনকভাৱে চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ'ই), বেংগালুৰুৰ পৰা ওলাই অহাৰ প্ৰায় দুসপ্তাহ পূৰ্বে হামষ্ট্ৰিং ষ্ট্ৰেইনত ভুগিছিল, গতিকে আমি তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি যাম।
ইফালে আৰ চি বিয়ে ডব্লিউ পি এল ২০২৬ অভিযানত শক্তিশালী আৰম্ভণি কৰে। শেষৰ বলত দলটোৱে মুম্বাই ইণ্ডিয়ানছক তিনিটা উইকেটত পৰাস্ত কৰে। নাডিন ডি ক্লাৰ্কৰ চমকপ্ৰদ অপৰাজিত ৬৩ (৪৪ বল) ৰান জয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয়।
মেচখনৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, কাৰণ অলৰাউণ্ডাৰ হেলী মেথিউছে কান্ধৰ আঘাতৰ বাবে খেলপথাৰত নামিব নোৱাৰিলে। মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক লিজা কিটলীয়ে কয় যে, দুৰ্ভাগ্যজনকভাৱে তেওঁৰ কান্ধটো এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। প্ৰশিক্ষণৰ সময়ত তেওঁৰ সামান্য টান হৈছিল। তেওঁ খেলাৰ অতি ওচৰত, কিন্তু আজিৰ মেচখন তেওঁৰ বাবে অলপ সোনকালে আহিছিল। আমি কাইলৈ চাম তেওঁৰ কেনে অনুভৱ আৰু যদি ফিট হয় তেন্তে পৰৱৰ্তী মেচৰ বাবে তেওঁ উপলব্ধ হ'ব।
টুৰ্ণামেণ্টৰ অ’পেনাৰত ঘনিষ্ঠ পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত শনিবাৰে নভি মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া