
বদোদৰা, ১০ জানুৱাৰী (হি.স.)। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্রথমখন এদিনীয়াৰ পূর্বে ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্টৰ অধিনায়ক শুভমন গীল, যুৱ বেটছমেন যশস্বী জয়ছোৱাল আৰু বেগী বলাৰ প্রসিদ্ধ কৃষ্ণই বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামৰ সা-সুবিধাৰ প্রশংসা কৰিছে ৷ কাইলৈ অৰ্থাৎ ১১ জানুৱাৰীত ইয়াত অনুষ্ঠিত হ’ব তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল। এইখন কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া হ’ব।
শনিবাৰে খেলখনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত গীল, জয়ছোৱাল, কৃষ্ণই ষ্টেডিয়ামৰ আধুনিক সা-সুবিধাক প্ৰশংসা কৰা দেখা গৈছিল।
শুভমন গিলে কোটাম্বি ষ্টেডিয়ামক প্ৰশংসা কৰি কয় যে খেলুৱৈৰ বাবে ড্ৰেছিং ৰুম আৰু অন্যান্য সুবিধাসমূহ অতি গুৰুত্বপূৰ্ণ আৰু ষ্টেডিয়ামখনে এই সকলোবোৰ মানদণ্ড পূৰণ কৰে। গীলে কয়, ষ্টেডিয়ামখন দেখাত কল্পনাতীত। সুবিধা আৰু ড্ৰেছিং ৰুমবোৰ বিশাল আৰু ভালদৰে ৰক্ষণাবেক্ষণ কৰা হৈছে। এইবোৰ বস্তু খেলুৱৈয়ে সদায় বিচাৰে। খেলপথাৰখনো ধুনীয়া।
ভাৰতত অধিনায়ক হিচাপে প্ৰথম এদিনীয়া শৃংখলা খেলাৰ বাবে গীলে উৎসাহ প্ৰকাশ কৰে। তেওঁ কয়, ভাৰতত অধিনায়ক হিচাপে এয়া মোৰ প্ৰথম এদিনীয়া শৃংখলা, গতিকে মই অতিশয় উৎসাহিত। সকলো খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট খেলিছে আৰু ভাল ফৰ্মত আছে। নিউজিলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে খেলিবলৈ সমগ্ৰ দলটো উৎসাহিত।
যশস্বী জয়ছোৱালে ষ্টেডিয়ামৰ সামগ্ৰিক আন্তঃগাঁথনিকো প্ৰশংসা কৰে। তেওঁ কয় যে আউটফিল্ড, পিটচ, ড্ৰেছিং ৰুম আৰু ৰিকাভাৰীৰ সুবিধা অতি উত্তম। জয়ছোৱালে কয়, এইখন এখন ধুনীয়া ষ্টেডিয়াম। আউটফিল্ড আৰু উইকেট দুয়োটা উৎকৃষ্ট। ড্ৰেছিং ৰুম আৰু ৰিকাভাৰী ৰুমবোৰো বহুত ভাল। ইয়াত আহি খেলিবলৈ বহুত মজা লাগে। ইয়াৰ মানুহবোৰ ক্ৰিকেটৰ প্ৰতি অতি আকৰ্ষিত, গতিকে পৰিৱেশটো আৰু বিশেষ হ'বলৈ গৈ আছে।
এই খেলপথাৰত আকৌ এবাৰ খেলিবলৈ পাই উৎফুল্লিত হোৱা বুলি কয় বেগী বলাৰ প্ৰসিধ কৃষ্ণই। তেওঁ স্মৰণ কৰি কয় যে যোৱা বছৰ বদোদৰাত কৰ্ণাটক দলে বিজয় হাজাৰে ট্ৰফী লাভ কৰিছিল। প্ৰসিদ্ধই কয়, প্ৰায় এবছৰৰ আগতে আমি ইয়ালৈ আহি বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল খেলিবলৈ আহিছিলো আৰু বিজয়ী হৈ ওলাই আহিছিলো। ইয়াৰ সুবিধাসমূহ—ছুইমিং পুল, জিম, আৰু অনুশীলন এৰিয়া—উৎকৃষ্ট, যাৰ ফলত অভিজ্ঞতাটো আৰু অধিক বিশেষ হৈ পৰিছে।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া খেলখনো প্ৰথমবাৰৰ বাবে এদিনীয়া আয়োজন কৰা কোট্টাম্বী ষ্টেডিয়ামৰ বাবে ঐতিহাসিক হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ