টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱা সন্দৰ্ভত শুভমন গিলে কয়-মই নিৰ্বাচকসকলৰ সিদ্ধান্তক সন্মান কৰো
বদোদৰা, ১০ জানুৱাৰী (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া অধিনায়ক শুভমন গীলে আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ দলৰ পৰা বাদ পৰাৰ বিষয়ে প্ৰতিক্ৰিয়া জনাইছে। দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ পূৰ্বে গীলে কয় যে তেওঁ নিৰ্বাচকসকলৰ সিদ্ধান্তক
भारतीय क्रिकेट टीम के वनडे कप्तान शुभमन गिल


বদোদৰা, ১০ জানুৱাৰী (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া অধিনায়ক শুভমন গীলে আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ দলৰ পৰা বাদ পৰাৰ বিষয়ে প্ৰতিক্ৰিয়া জনাইছে। দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ পূৰ্বে গীলে কয় যে তেওঁ নিৰ্বাচকসকলৰ সিদ্ধান্তক সন্মান জনাইছে আৰু দলটোক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা জনাইছে।

মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত গীলে কয় যে, মই নিৰ্বাচকসকলৰ সিদ্ধান্তক সন্মান কৰো। মই দলটোক টি-২০ বিশ্বকাপৰ বাবে শুভকামনা জনাইছো। তেওঁ আৰু কয়, মোৰ ভাগ্যত মই য'ত আছো তাতেই থাকিব লাগিব। মোৰ ভাগ্যত যি আছে সেয়া কোনেও কাঢ়ি নিব নোৱাৰে। এজন খেলুৱৈয়ে সদায় দেশৰ বাবে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰে আৰু নিৰ্বাচকসকলে নিজৰ সিদ্ধান্ত লৈছে।

শেহতীয়াকৈ টি-২০ ফৰ্মেটত গীলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দল পৰিচালনা সমিতিয়ে দলৰ সংমিশ্ৰণৰ কথা মনত ৰাখি তেওঁক বিশ্বকাপৰ দলৰ পৰা বাদ দিছে। তেওঁৰ ঠাইত অল ৰাউণ্ডাৰ অক্ষৰ পেটেলক ভাৰতৰ টি-২০ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ইফালে এদিনীয়া শৃংখলাত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ উৎকৃষ্ট ফৰ্ম ভাৰতৰ বাবে এক ডাঙৰ শক্তি হিচাপে বিবেচিত হৈছে। টি-২০ বিশ্বকাপৰ এমাহো নৌহওঁতেই তিনিখন মেচৰ এই এদিনীয়া শৃংখলাত দুয়োগৰাকী প্ৰবীণ খেলুৱৈক তীক্ষ্ণ দৃষ্টিৰে চোৱাচিতা কৰা হ’ব। বিজয় হাজাৰে ট্ৰফীত কোহলী আৰু ৰোহিতে বিশাল ৰান সংগ্ৰহ কৰি তেওঁলোকৰ অবিৰত শক্তি স্পষ্টভাৱে প্ৰদৰ্শন কৰে।

অৱশ্যে টি-২০ দলৰ পৰা বাদ পৰাৰ পিছত এদিনীয়া শৃংখলাত গীলৰ প্ৰদৰ্শনও চৰ্চালৈ আহিব। যোৱা বছৰৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বেছিভাগ সময়তে আঘাতৰ বাবে তেওঁ দলৰ অংশ ল’ব নোৱাৰিলে। গীলৰ উভতি অহাৰ ফলত যশস্বী জয়ছোৱালৰ শীৰ্ষ অৰ্ডাৰৰ স্থানত ভাবুকি আহিব পাৰে, আনহাতে শ্ৰেয়াছ আয়াৰৰ উভতি অহাৰ ফলত বেটিং অৰ্ডাৰত স্থিতিশীলতা আহিব বুলি আশা কৰা হৈছে।

লোয়াৰ অৰ্ডাৰ বেটছমেন আৰু উইকেটকীপাৰ হিচাপে কে এল ৰাহুলৰ স্থান নিশ্চিত বুলি বিবেচিত হৈছে, যাৰ ফলত ঋষভ পণ্টে পুনৰবাৰ এদিনীয়া দলৰ পৰা বঞ্চিত হ’ব পাৰে। ইফালে, টি-২০ৰ দায়িত্বৰ বাবে যশপ্ৰীত বুমৰাহ আৰু হাৰ্দিক পাণ্ডিয়াক এদিনীয়া শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে।

মহম্মদ চিৰাজ, আৰ্শদীপ সিং, হৰ্ষিত ৰানা আৰু প্ৰসিদ্ধ কৃষ্ণই দ্ৰুত বলিং চম্ভালিব, আনহাতে কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ, আৰু ৰবীন্দ্ৰ জাডেজাই স্পিন বিভাগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

কোটাম্বিৰ নতুন বৰোদা ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব। নিউজিলেণ্ডৰ বাবে এই শৃংখলাটো তেওঁলোকৰ নতুন আৰু যুৱ খেলুৱৈক পৰীক্ষা কৰাৰ সুযোগ হ’ব যদিও কেইবাজনো জ্যেষ্ঠ খেলুৱৈৰ অনুপস্থিতিৰ পিছতো কিউইয়ে এক শক্তিশালী প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande