মালয়েছিয়া অ’পেনঃ আঘাতৰ বাবে ইয়ামাগুচি আঁতৰি যোৱাত পিভি সিন্ধু ছেমি ফাইনেলত প্ৰৱেশ
কুৱালালামপুৰ, ০৯ জানুৱাৰী (হি.স.)। ভাৰতৰ তাৰকা শ্বাটলাৰ পিভি সিন্ধুৱে শুকুৰবাৰে মালয়েছিয়া অ’পেন ছুপাৰ ১০০০ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে। জাপানৰ আকানে ইয়ামাগুচিয়ে আঘাতৰ বাবে কোৱাৰ্টাৰ ফাইনেলৰ পৰা আঁতৰি যোৱাৰ পিছতে সিন্ধুৱে এই সফ
ভাৰতৰ তাৰকা শ্বাটলাৰ পিভি সিন্ধু


কুৱালালামপুৰ, ০৯ জানুৱাৰী (হি.স.)। ভাৰতৰ তাৰকা শ্বাটলাৰ পিভি সিন্ধুৱে শুকুৰবাৰে মালয়েছিয়া অ’পেন ছুপাৰ ১০০০ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে। জাপানৰ আকানে ইয়ামাগুচিয়ে আঘাতৰ বাবে কোৱাৰ্টাৰ ফাইনেলৰ পৰা আঁতৰি যোৱাৰ পিছতে সিন্ধুৱে এই সফলতা লাভ কৰে।

দীৰ্ঘদিনীয়া আঘাতৰ পৰা উভতি আহি প্ৰাক্তন বিশ্ব চেম্পিয়ন সিন্ধুৱে মেচখনৰ আৰম্ভণি শক্তিশালী কৰি প্ৰথমখন খেলত ২১-১১ ব্যৱধানত জয়লাভ কৰে। বৰ্তমানৰ বিশ্ব চেম্পিয়ন তথা বিশ্বৰ ৩ নং স্থানত থকা আকানে ইয়ামাগুচিক আঁঠুৰ ব্ৰেচ পিন্ধা দেখা গৈছিল। প্ৰথমখন খেলৰ অন্তত ইয়ামাগুচিয়ে আঘাতৰ বাবে খেলখন অব্যাহত ৰখাৰ সিদ্ধান্ত লয়।

এই জয়েৰে বিশ্বৰ ১৮ নং ছিন্ধুৱে ইয়ামাগুচিৰ বিৰুদ্ধে নিজৰ মুখামুখি অভিলেখ ১৫-১২লৈ উন্নত কৰে। উল্লেখযোগ্য যে সিন্ধুৱে আঠ বছৰৰ পাছত মালয়েছিয়া অ’পেনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে, যিটো তেওঁৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব।

ছেমি ফাইনেলত দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে হয় ষষ্ঠ বাচনিৰ ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমা ৱাৰ্ডানী বা দ্বিতীয় বাচনিৰ চীনৰ ৱাং জি য়িৰ বিৰুদ্ধে সন্মুখীন হ’ব।

ভাৰতৰ শীৰ্ষ পুৰুষৰ ডাবলছ যুটি সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়েও আজি ক’ৰ্টত অৱতীৰ্ণ হ’ব। ভাৰতীয় যুটিটোৱে ষষ্ঠ ছিড ইণ্ডোনেছিয়ান যুটি ফাজাৰ আলফিয়ান আৰু মহম্মদ শ্বোহিবুল ফিক্ৰিৰ বিৰুদ্ধে খেলিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande