
নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমেৰিকাৰ বাণিজ্য সচিবৰ মন্তব্যক খণ্ডন কৰি স্পষ্ট কৰি দিছে যে বিগত বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত ৮বাৰ আলোচনা হৈছিল। এই আলোচনাত দ্বিপাক্ষিক বাণিজ্যকে ধৰি বিভিন্ন বিষয় সামৰি লোৱা হৈছিল। মন্ত্ৰালয়ে উল্লেখ কৰে যে ভাৰতে আমেৰিকাৰ সৈতে পাৰস্পৰিকভাৱে লাভজনক বাণিজ্যিক চুক্তিৰ বাবে আগ্ৰহী আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ আশাবাদী
আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিক লৈ প’ডকাষ্টত কটু মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ২০২৫ চনৰ চুক্তিখন প্ৰায় সাজু হৈছে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ব্যক্তিগত ফোন কল নকৰাৰ ফলত চুক্তিখন চূড়ান্ত হোৱাত বাধাৰ সৃষ্টি হয়।
শুকুৰবাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক সংবাদমেলত এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আমি এই মন্তব্য দেখিছো। ভাৰত আৰু আমেৰিকাই যোৱা বছৰৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আছিল। তাৰ পিছৰে পৰা দুয়োপক্ষই সুষম আৰু পাৰস্পৰিকভাৱে লাভজনক বাণিজ্যিক চুক্তিত উপনীত হ’বলৈ কেইবাটাও ৰাউণ্ডৰ আলোচনাত মিলিত হৈছে।
তেওঁ উল্লেখ কৰে যে কেইবাবাৰো আমি চুক্তিত উপনীত হোৱাৰ অতি ওচৰত আছিলো। ৰিপ’ৰ্ট কৰা মন্তব্যসমূহত এই আলোচনাসমূহৰ চৰিত্ৰায়ন শুদ্ধ নহয়। আমি দুখন পৰিপূৰক অৰ্থনীতিৰ মাজত পাৰস্পৰিকভাৱে লাভজনক বাণিজ্যিক চুক্তি সম্পাদন কৰিবলৈ আগ্ৰহী আৰু আশাবাদী।
তেওঁ লগতে কয় যে, কাকতলীয়াকৈ ২০২৫ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে আঠবাৰ ফোনযোগে কথা পাতিছিল, আমাৰ ব্যাপক অংশীদাৰিত্বৰ বিভিন্ন দিশ সামৰি লৈছিল।
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিবলগীয়া বিধেয়কখনৰ সন্দৰ্ভত আমেৰিকাৰ কংগ্ৰেছত ভাৰতৰ দীৰ্ঘদিনীয়া স্থিতি পুনৰবাৰ উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে। তেওঁ কয় যে “আমি প্ৰস্তাৱিত বিধেয়কখনৰ বিষয়ে অৱগত আৰু উন্নয়নসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছো।”
তেওঁ লগতে কয় যে শক্তিৰ উৎসৰ প্ৰধান বিষয়টোৰ ওপৰত আমাৰ স্থিতি সকলোৱে জানে। আমাৰ প্ৰচেষ্টা হৈছে বিশ্ব বজাৰৰ পৰিৱৰ্তিত গতিশীলতা আৰু আমাৰ ১৪ বিলিয়ন লোকৰ শক্তি সুৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিভিন্ন উৎসৰ পৰা সুলভ শক্তি লাভ কৰা।
আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটকে ধৰি অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ পৰা আঁতৰি যোৱাৰ আমেৰিকাৰ সিদ্ধান্তৰ সন্দৰ্ভত প্ৰত্যক্ষভাৱে কোনো মন্তব্য নকৰিলেও মুখপাত্ৰগৰাকীয়ে কয় যে আমি আমাৰ লক্ষ্যসমূহ আগুৱাই লৈ যাম। তেওঁ লগতে কয় যে ভাৰতে বহুপক্ষীয়তাবাদক সমৰ্থন কৰে আৰু বিশ্বাস কৰে যে বিশ্বব্যাপী বিষয়সমূহৰ বাবে সকলো দেশৰ পৰামৰ্শ আৰু সহযোগিতামূলক কাৰ্য্যৰ প্ৰয়োজন।
মুখপাত্ৰগৰাকীয়ে কয় যে, আমি দেখিছো যে আমেৰিকাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে। ইয়াৰ আৰম্ভণিৰ পৰাই আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটে সৌৰশক্তিৰ ব্যৱহাৰ আৰু ইয়াৰ ১২৫খন সদস্য দেশৰ মাজত সহযোগিতাৰ প্ৰসাৰৰ বাবে নিজৰ কাৰ্যভাৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আমি ইয়াৰ লক্ষ্যসমূহ আগুৱাই লৈ যাম।
हिन्दुस्थान समाचार / অৰৱিন্দ