নতুন দিল্লী, ১০ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ জানুৱাৰী আৰু কাইলৈ ১১ জানুৱাৰীত দুদিনীয়াকৈ গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰি সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিব। ভাৰতৰ অখণ্ড সভ্যতাৰ ধাৰাবাহিকতা আৰু অদম্য মনোভাৱৰ প্ৰতীকস্বৰূপ সোমনাথ মন্দিৰত প্ৰথম আক্ৰমণৰ ১০০০ বছৰীয়া জয়ন্তী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰা অনুসৰি নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ১০ জানুৱাৰীত নিশা প্ৰায় ৮ বজাত সোমনাথ মন্দিৰ পৰিসৰত প্ৰধানমন্ত্ৰীয়ে ‘ওমকাৰ মন্ত্ৰ’ৰ গণজপত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ মন্দিৰ পৰিসৰৰ ভিতৰত আয়োজন কৰা ড্ৰ’ন শ্ব’ৰ সাক্ষী হ’ব। ইফালে ১১ জানুৱাৰীত পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰ ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিয়া অগণন বীৰ যোদ্ধাসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত ভৱ্য শৌৰ্য্য যাত্ৰাত অংশগ্ৰহণ কৰিব। শৌৰ্য্য যাত্ৰাত শৌৰ্য্য আৰু ত্যাগৰ প্ৰতীক হিচাপে ১০৮টা ঘোঁৰাৰ প্ৰতীকী শোভাযাত্ৰা অনুষ্ঠিত কৰা হ’ব। ইয়াৰ পিছত প্ৰায় ১০:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা কৰিব। পুৱা প্ৰায় ১১ বজাত তেওঁ সোমনাথত ৰাজহুৱা সভাত ভাষণ দিব।
এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক সাধু সন্তসকলে অংশগ্ৰহণ কৰিব আৰু মন্দিৰ পৰিসৰত ৭২ ঘণ্টা ধৰি অবিৰতভাৱে "ঔম" মন্ত্ৰ জপ কৰা হ'ব। এই ইতিহাস প্ৰসিদ্ধ মন্দৰৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ ভাৰতৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য সংৰক্ষণ আৰু উদযাপনৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ চিন হিচাপে দেখা গৈছে।
উল্লেখ্য যে মন্দিৰ আক্ৰমণৰ এহেজাৰ বৰ্ষপূৰ্তি উপলক্ষে ৮ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ অনুষ্ঠিত কৰা হৈছে সোমনাথ স্বাভিমান পৰ্ব। সোমনাথ স্বাভিমান পৰ্বৰ লক্ষ্য হৈছে যুগ যুগ ধৰি সোমনাথ মন্দিৰৰ সুৰক্ষাৰ বাবে যুঁজ দিয়া অগণন ভাৰতীয় নাগৰিকৰ ত্যাগক স্মৰণ কৰা, যাৰ ত্যাগে আগন্তুক প্ৰজন্মৰ সাংস্কৃতিক চেতনাক অনুপ্ৰাণিত কৰি থাকিব।
এই অনুষ্ঠান ১০২৬ চনত গজনৱীৰ মেহমুদে সোমনাথ মন্দিৰত আক্ৰমণ কৰাৰ ১০০০ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে। যুগ যুগ ধৰি বাৰে বাৰে ধ্বংসৰ চেষ্টা চলোৱাৰ পিছতো সোমনাথ মন্দিৰ বিশ্বাস, দৃঢ়তা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক শক্তিশালী প্ৰতীক হৈয়েই আছে।
স্বাধীনতাৰ পিছত চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ সংকল্প গ্ৰহণ কৰা হয়। এই পুনৰুজ্জীৱনৰ যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি আহিছিল ১৯৫১ চনত, তেতিয়াৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ উপস্থিতিত সংস্কাৰিত সোমনাথ মন্দিৰ ভক্তৰ বাবে মুকলি কৰা হৈছিল। ২০২৬ চনত এই ঐতিহাসিক পুনৰুদ্ধাৰৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাটোৱে সোমনাথ স্বাভিমান উৎসৱক আৰু বিশেষ তাৎপৰ্য প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া