
চেন্নাই, ১০ জানুৱাৰী (হি.স.)। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিএছএলভি-চি৬২ অভিযানৰ অংশ হিচাপে সোমবাৰে (১২ জানুৱাৰী) ইঅ’এছ-এন১ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহকে ধৰি মুঠ ১৬টা উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিব। এই উৎক্ষেপণ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ প্ৰথমটো উৎক্ষেপণ স্থানৰ পৰা হ’ব।
শনিবাৰে ইছৰ’ই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে এই অভিযান ইছৰ’ৰ বাণিজ্যিক শাখা নিউস্পেচ ইণ্ডিয়া লিমিটেডে (এনএছআইএল) সম্পন্ন কৰিবলৈ ওলাইছে। ইঅ’এছ-এন১ উপগ্ৰহৰ লগত ভাৰত আৰু কেইবাজনো বিদেশী গ্ৰাহকৰ পেলোডকে ধৰি ১৪টা সহায়ক পেলোড (গৱেষণা যন্ত্ৰ/উপগ্ৰহ) থাকিব।
ইছৰ’ৰ মতে, ৰকেট আৰু উপগ্ৰহৰ একত্ৰীকৰণ সম্পূৰ্ণ হৈছে, আৰু প্ৰক্ষেপণৰ পূৰ্বে পৰীক্ষা চলি আছে। ১২ জানুৱাৰীত পুৱা ১০:১৭ বজাত মুকলি কৰা হ’ব PSLV-C62। অহা ১১ জানুৱাৰীৰ পৰা ২৫ ঘণ্টীয়া কাউণ্টডাউন প্ৰক্ৰিয়া আৰম্ভ হ’ব। এয়া হ’ব পি এছ এল ভি ৰকেটৰ ৬৪ সংখ্যক উৰণ।
থাইলেণ্ড আৰু যুক্তৰাজ্যৰ সহযোগত EOS-N1 পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটো প্ৰস্তুত কৰা হৈছে। উৎক্ষেপণৰ প্ৰায় ১৭ মিনিট পিছত উপগ্ৰহটোক নিজৰ নিৰ্দিষ্ট সূৰ্য্য-সমকালীন কক্ষপথত স্থাপন কৰা হ’ব। এই সমগ্ৰ অভিযান দুঘণ্টাৰো অধিক সময় ধৰি চলিব।
এই অভিযানৰ এটা বিশেষ কৃতিত্ব হ’ল স্পেনিছ কোম্পানীটোৰ কেষ্ট্ৰেল ইনিচিয়েল টেকন’লজি ডেম’ষ্ট্ৰেটৰ (KID) কেপচুলটো প্ৰায় দুঘণ্টাৰ পিছত ৰকেটৰ চতুৰ্থ পৰ্যায় (PS4)ৰ পৰা পৃথক হ’ব। পিএছএলভি অভিযানসমূহে সাধাৰণতে ২০ মিনিটৰ ভিতৰত উপগ্ৰহ পৃথক কৰিলেও এই অভিযানত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।
মহাকাশৰ ধ্বংসাৱশেষ হ্ৰাস কৰিবলৈ ইছৰ’ই চতুৰ্থ পৰ্যায়ৰ ইঞ্জিনটো পুনৰ সক্ৰিয় কৰি ইয়াক মন্থৰ কৰিব, যিটো প্ৰক্ৰিয়াক ডি-বুষ্ট বুলি জনা যায়। ইয়াৰ পিছতহে স্পেনিছ কেআইডি কেপচুলটো পৃথক কৰা হ’ব। শেষত চতুৰ্থ পৰ্যায় আৰু কেপচুল পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি জ্বলি শেষ হৈ যাব আৰু বাকী থকা অৱশিষ্টবোৰ নিৰাপদে দক্ষিণ প্ৰশান্ত মহাসাগৰত পৰিব, যিটো প্ৰক্ৰিয়াক স্প্লেছডাউন বুলি জনা যায়।
উল্লেখযোগ্য যে এই পৰ্যন্ত ৬০ খনতকৈও অধিক সফল উৰণ সম্পূর্ণ কৰা পি এছ এল ভি ৰকেটে চন্দ্ৰযান-১, মংগলিয়ান আদি ঐতিহাসিক অভিযান সফলতাৰে সম্পন্ন কৰিছে। একে নিৰ্ভৰযোগ্যতা আৰু কাৰিকৰী দক্ষতাৰে ইছৰোৱে এই নতুন আৰু প্ৰত্যাহ্বানমূলক অভিযানটো সম্পন্ন কৰিবলৈ ওলাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ