
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জীৱনৰ চাৰিটা মূল মূল্যবোধৰ গুৰুত্ব দেশবাসীৰ আগত ব্যাখ্যা কৰে। তেওঁ কয় যে মানুহৰ প্ৰকৃত সৌন্দৰ্য্য কাপোৰ বা চেহেৰাৰ দ্বাৰা নহয়, গুণৰ দ্বাৰাহে জিলিকি উঠে। এটা পৰিয়ালৰ সন্মান নাম বা বংশৰ ওপৰত নহয়, ভাল চৰিত্ৰ আৰু ভাল আচৰণৰ দ্বাৰাহে গঢ় লৈ উঠে। শিক্ষা তেতিয়াহে উপযোগী হয় যেতিয়া ই সফলতালৈ লৈ যায়, আৰু ধন সাৰ্থক হয় তেতিয়াহে যেতিয়া বুদ্ধিমান আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰা হয়।
বুধবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত সংস্কৃত প্ৰবাদ এটা শ্বেয়াৰ কৰে :
গুণো ভূষ্যতে ৰূপম শিলম ভূষ্যতে কুলাম।
সিদ্ধিৰভূষ্যতে বিদ্যাম উপভোগ ভূষ্যতে ধনম।।
এই ফকৰাটোৰ অৰ্থ হ’ল এই কথাবোৰ শতিকা পুৰণি যদিও আজিও সেইবোৰ ঠিক তেনেকুৱাই সত্য আৰু গুৰুত্বপূৰ্ণ।
তেওঁ কয় যে যেতিয়া মানুহে কেৱল উপাৰ্জন আৰু দেখুৱাই দিয়াত নহয়, ভাল মানুহ হোৱা, সঠিক কাম কৰা, সম্পদৰ বিবেচনাপূৰ্ণ ব্যৱহাৰত বিশ্বাস কৰে তেতিয়াহে দেশখন আগবাঢ়িব। জ্ঞান কেৱল কিতাপত সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ বাস্তৱত প্ৰয়োগ কৰি সফলাতালৈ লৈ যাব লাগে। ধন জমা কৰাটো বেয়া কথা নহ’লেও ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ইয়াক কেনেকৈ খৰচ কৰা হয়। এয়া নিজৰ বাবে, সমাজৰ বাবে, প্ৰকৃতিৰ বাবে সঠিক দিশত হৈছে নে নাই সেইটো অতি গুৰুত্বপূৰ্ণ।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া