
নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সোমনাথ স্বাভিমান পৰ্বৰ শুভাৰম্ভ উপলক্ষে এক্সত এটা প্ৰাচীন সংস্কৃত শ্লোক শ্বেয়াৰ কৰি শ্ৰী সোমনাথ মহাদেৱৰ আশীৰ্বাদ বিচাৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্স পোষ্টত লিখিছে- শ্ৰী সোমনাথ মহাদেৱৰ কৃপা আৰু আশীৰ্বাদে সকলোৰে মংগল কঢ়িয়াই আনক। লগতে তেওঁ দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰৰ এই পদটোও শ্বেয়াৰ কৰিছিল:
সৌৰাষ্ট্ৰ দেশে বিশ্দে'তিৰম্য়ে জ্যোতিৰ্ময়ম চন্দ্ৰকলাৱতসম।
ভক্তিপ্ৰদানয় কৃপাৱতীৰ্ণ তম সোমনাথম শৰণাম প্ৰপদ্য়ে ।।
এই শ্লোকৰ অৰ্থ হ’ল সৌৰাষ্ট্ৰ অঞ্চলৰ অতি সুন্দৰ আৰু নিৰ্মল স্থানত, শিৰত চন্দ্ৰ অলংকাৰৰূপে বিৰাজমান জ্যোতিৰ্ময় (দীপ্তিমান), ভক্তসকলক ভক্তি প্ৰদান কৰিবলৈ অৱতাৰ গ্ৰহণ কৰা কৃপাময় শ্ৰী সোমনাথ মহাদেৱৰ ওচৰত মই শৰণ গ্ৰহণ কৰোঁ।
মন কৰিবলগীয়া যে এই পদত বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম বুলি গণ্য কৰা সোমনাথ জ্যোতিৰ্লিংগৰ মহিমাৰ কথা বৰ্ণনা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া