
কলকাতা, ০৯ জানুৱাৰী (হি.স.)। বিশ্ববিখ্যাত গংগাসাগৰ মেলা আৰম্ভ হোৱাৰ পূর্বে হঠাৎ কাপালমুনি মন্দিৰৰ সমীপত ২ নং পথৰ কাষত নিৰ্মাণ কৰা কেইবাটাও অস্থায়ী শিবিৰত অগ্নিকাণ্ড সংঘটিত হয়। কহুঁৱা বন (হোগলা) নিৰ্মিত জুপুৰিবোৰ কেইছেকেণ্ডমানৰ ভিতৰতে জ্বলি উঠে আৰু অলপ সময়ৰ ভিতৰতে ইটোৰ পিছত সিটো শিবিৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল।
প্ৰাথমিক তথ্য অনুসৰি বিভিন্ন চৰকাৰী বিভাগে মেলা এলেকাত অস্থায়ী শিবিৰ নিৰ্মাণ কৰি আছে। এইবোৰত চৰকাৰী বিষয়া, তথ্য আৰু সংস্কৃতি বিভাগৰ কৰ্মী, আৰু সাংবাদিকসকলক ৰখাৰ ব্যৱস্থা কৰা হৈছিল। হঠাৎ হোৱা জুইয়ে আতংকৰ সৃষ্টি কৰে।
এই তথ্য লাভ কৰাৰ লগে লগে উপস্থিত হয় কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। বহু কষ্টৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে। এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে।
এই সন্দৰ্ভত সবিশেষ তদন্তৰ নিৰ্দেশ দিছে মেলা প্ৰশাসনে। মেলাৰ নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী জ্যেষ্ঠ বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে কয় যে অগ্নিকাণ্ডৰ কাৰণৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰা হৈছে।
উল্লেখ্য় যে অহা দেওবাৰৰ পৰা আৰম্ভ হ’ব লগা গংগাসাগৰ মেলালৈ তীৰ্থযাত্ৰীৰ আগমন ঘটিব ধৰিছে। এসপ্তাহৰ ভিতৰত প্ৰায় ৪০ৰ পৰা ৫০ লাখ লোক আহি পোৱাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া