তাজিকিস্তানৰ ভূমিকম্পৰ জোকাৰণি কাশ্মীৰ উপত্যকাতো অনুভূত
শ্ৰীনগৰ, ০৯ জানুৱাৰী (হি.স.)। মধ্য এছিয়াৰ দেশ তাজিকিস্তানত আজি পুৱা ৫.৩ ৰিখটাৰ স্কেলৰ মধ্যমীয়া ভূমিকম্পৰ কম্পন অনুভূত কৰা হয়। কাশ্মীৰ উপত্যকা পৰ্যন্ত অনুভৱ কৰা হৈছিল এই কম্পন। এই পৰ্যন্ত কোনো লোক হতাহতি বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। ৰাষ্ট্ৰীয
सांकेतिक


শ্ৰীনগৰ, ০৯ জানুৱাৰী (হি.স.)। মধ্য এছিয়াৰ দেশ তাজিকিস্তানত আজি পুৱা ৫.৩ ৰিখটাৰ স্কেলৰ মধ্যমীয়া ভূমিকম্পৰ কম্পন অনুভূত কৰা হয়। কাশ্মীৰ উপত্যকা পৰ্যন্ত অনুভৱ কৰা হৈছিল এই কম্পন। এই পৰ্যন্ত কোনো লোক হতাহতি বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ভূমিকম্পটো দুপৰীয়া ২:৪৪ বজাত (ভাৰতীয় মানক সময়) অনুভূত হয়। ইয়াৰ কেন্দ্ৰবিন্দু আফগানিস্তানৰ ফৈজাবাদৰ পৰা প্ৰায় ২৮৩ কিলোমিটাৰ পূব-উত্তৰ-পূবত ৩৮.২৬ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৭৩.৪২ ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ মাজত তাজিকিস্তানত ১১০ কিলোমিটাৰ গভীৰতাত আছিল।

কাশ্মীৰ উপত্যকাতো অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। এতিয়ালৈকে কোনো লোক হতাহত বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে যে ভূমিকম্পৰ গভীৰতাৰ বাবে ইয়াৰ পৃষ্ঠৰ প্ৰভাৱ সীমিত হোৱাৰ সম্ভাৱনা আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande