

গুৱাহাটী, ০৮ জানুৱাৰী (হি.স.)। সোণাপুৰৰ মে ফেয়াৰ ৰিজ'ৰ্টত বস্ত্ৰ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন। অনুষ্ঠিত হোৱা আকৰ্ষনীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিলে কেন্দ্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী গিৰিৰাজ সিঙে। অংশগ্ৰহণ কৰিলে দেশৰ ৩৫ খন ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰীসকলে।
অতিথিৰূপে উপস্থিত থাকিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ লগতে আন কেইবা গৰাকীও উচ্চপদস্থ বিষয়া আৰু বিভাগীয় প্ৰতিনিধিয়ে।
অসম চৰকাৰৰ সহযোগত বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বস্ত্ৰমন্ত্ৰী সকলে অংশগ্ৰহণ কৰি হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগৰ উত্তৰণ সন্দৰ্ভত মত বিনিময় কৰে।
অনাগত দিনত উক্ত সন্মিলনৰ জৰিয়তে দেশৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। আনহাতে মন্ত্ৰী গিৰিৰাজ সিঙে সাংবাদিকৰে হোৱা বাৰ্তালাপত অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলাই লগতে কংগ্ৰেছৰ দিনত সংস্থাপিত কৰা বাংলাদেশীক বিজেপিয়ে উচ্ছেদ কৰি ৰাজ্যখনক আগবঢ়াই নিছে
আনহাতে অসমৰ মুখ্যমন্ত্ৰীৰ দৰে যদি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীও হলে হয় তেন্তে পশ্চিমবংগ আজি বাংলাদেশ নহ'লে হয় বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar