ত্ৰিপুৰাৰ চুৰাইবাৰীত জব্দ ১.২৬ কোটি টকাৰ ক’ডেইন, আটক দুই
আগৰতলা, ০৮ জানুৱাৰী (হি.স.)। উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী আৰু জি এছ টি প্ৰৱৰ্তন শাখাৰ যৌথ অভিযানত বুধবাৰে সন্ধিয়া চুৰাইবাৰী বিক্ৰী কৰ গেটত ক’ডেইন ভিত্তিক কাহ চিৰাপৰ বৃহৎ চালান জব্দ কৰা হয়। ত্ৰিপুৰা আৰক্ষীয়ে বৃহস্পতিবাৰে জনোৱা মতে, চোৰাংচোৱাৰ ভিত্তিত
त्रिपुरा के चुराइबाड़ी में 126 करोड़ की कोडीन के साथ गिरफ्तार दो तस्कर


আগৰতলা, ০৮ জানুৱাৰী (হি.স.)। উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী আৰু জি এছ টি প্ৰৱৰ্তন শাখাৰ যৌথ অভিযানত বুধবাৰে সন্ধিয়া চুৰাইবাৰী বিক্ৰী কৰ গেটত ক’ডেইন ভিত্তিক কাহ চিৰাপৰ বৃহৎ চালান জব্দ কৰা হয়।

ত্ৰিপুৰা আৰক্ষীয়ে বৃহস্পতিবাৰে জনোৱা মতে, চোৰাংচোৱাৰ ভিত্তিত বুধবাৰে সন্ধিয়া দলটোৱে অবৈধ সামগ্ৰী কঢ়িয়াই নিয়াৰ সন্দেহত ডব্লিউবি ৫৩ এম ৮৫৯৬ নম্বৰৰ এখন ট্ৰাক ৰখাই দিয়ে। গাড়ীখনত তালাচী চলাই ক’ডেইন ভিত্তিক কাহৰ চিৰাপ এছকফ (Escof)ৰ ১২,৬০০ বটল উদ্ধাৰ কৰা হয়। ক’লা বজাৰত জব্দ কৰা সামগ্ৰীসমূহৰ মূল্য ১.২৬ কোটি টকা।

এই ঘটনা সন্দৰ্ভত পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ নিবাসী ট্ৰাক চালক পঞ্জাৱ শ্বেখ আৰু সহায়ক বাছেদ শ্বেখক লগে লগে গ্ৰেপ্তাৰ কৰা হয়। আইনৰ সংশ্লিষ্ট ধাৰাত চালকজনৰ বিৰুদ্ধে এনডিপিএছৰ গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ধৰা পৰাৰ পৰা হাত সাৰিবলৈ অ’ আৰ এছ এল পেকেট ব্যৱহাৰ কৰি চালানটো লুকুৱাই ৰখা হৈছিল, যাৰ পৰা অনুমান কৰিব পাৰি যে সীমান্ত চেকপোষ্টৰ সিপাৰে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা চলোৱা হৈছে।

অভিযুক্তৰ বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আনহাতে এই সামগ্ৰী প্ৰেৰণ কৰোতা আৰু ইয়াৰ উদ্দেশ্যপ্ৰণোদিত গন্তব্যস্থান চিনাক্ত কৰাৰ বাবে তদন্ত চলি আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande