দিল্লী আৰক্ষীৰ ব্যৱস্থা: তুৰ্কমান গেটৰ সমীপত অবৈধ বেদখল উচ্ছেদ
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি দিল্লী পৌৰ নিগমে বুধবাৰে পুৱাই ৰামলীলা ময়দানৰ সমীপৰ বেদখল কৰা অঞ্চলত, তুৰ্কমান গেটৰ ফৈজ-ই-ই-ইলাহি মছজিদৰ ওচৰে পাজৰে উচ্ছেদ অভিযান চলায়। উচ্ছেদ অভিযান শান্তিপূৰ্ণ আৰু সুচা
दिल्ली के तुर्कमान गेट के पास से अवैध कब्जे काे हटाने का दृश्य


নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি দিল্লী পৌৰ নিগমে বুধবাৰে পুৱাই ৰামলীলা ময়দানৰ সমীপৰ বেদখল কৰা অঞ্চলত, তুৰ্কমান গেটৰ ফৈজ-ই-ই-ইলাহি মছজিদৰ ওচৰে পাজৰে উচ্ছেদ অভিযান চলায়।

উচ্ছেদ অভিযান শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে পৰিচালিত হোৱাটো নিশ্চিত কৰিবলৈ দিল্লী আৰক্ষীয়ে ব্যাপক আইন-শৃংখলাৰ ব্যৱস্থা কৰিছিল। সমগ্ৰ অঞ্চলটো ৯টা জ’নত বিভক্ত কৰা হৈছিল, প্ৰতিটো জ’নত অতিৰিক্ত উপ-আৰক্ষী পদৰ এজন বিষয়াই তদাৰক কৰিছিল। স্পৰ্শকাতৰ স্থানত পৰ্যাপ্ত আৰক্ষীৰ উপস্থিতি নিয়োগ কৰা হৈছিল।

যুটীয়া আৰক্ষী আয়ুক্ত মধুৰ বৰ্মাই কয় যে এই অভিযানৰ পূৰ্বে শান্তি সমিতিৰ সদস্য আৰু স্থানীয় প্ৰতিনিধিৰ সৈতে কেইবাখনো সমন্বয় বৈঠক অনুষ্ঠিত কৰি শান্তি বজাই ৰখা আৰু কোনো ধৰণৰ অশুভ কাণ্ড ৰোধ কৰা হয়। সতৰ্কতা হিচাপে সকলো প্ৰয়োজনীয় প্ৰতিৰোধমূলক আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

উচ্ছেদৰ সময়ত একাংশ অসামাজিক উপাদানে শিলগুটি নিক্ষেপ কৰি বায়ুমণ্ডল বিঘ্নিত কৰাৰ চেষ্টা চলাইছিল। অৱশ্যে আৰক্ষীয়ে লগে লগে মৃদু শক্তিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। নূন্যতম আৰু সুষম শক্তি ব্যৱহাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি কোনো বৃহৎ ঘটনা ৰোধ কৰি অঞ্চলটোত স্বাভাৱিক অৱস্থা ঘূৰাই অনা হয়।

দিল্লী আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকে আইন-শৃংখলা বজাই ৰখা আৰু আদালতৰ আদেশসমূহ অতি সংবেদনশীলতা, পেছাদাৰিত্ব আৰু যথাযথ প্ৰক্ৰিয়াৰে কাৰ্যকৰী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

উল্লেখযোগ্য যে দিল্লীৰ পৌৰ নিগমে ফৈইজ-ই-ইলাহি মছজিদৰ সমীপৰ প্ৰায় ৩৮,০০০ বৰ্গফুট মাটি অবৈধভাৱে দখল কৰাৰ বাবে জাননী জাৰি কৰিছিল, য’ত পাৰ্কিং আৰু এখন ব্যক্তিগত চিকিৎসালয়কে ধৰি বিভিন্ন কাম-কাজ চলি আছিল। এই স্থানত এটা কবৰস্থানো আছে। মছজিদ কমিটীয়ে এমচিডিৰ জাননীখনক আদালতত প্ৰত্যাহ্বান জনায় যদিও তেওঁলোকে মাটিৰ মালিকীস্বত্ব প্ৰমাণ কৰা নথি-পত্ৰ দাখিল কৰিবলৈ সক্ষম নহ’ল, বাকফৰ সম্পত্তি বুলিও প্ৰমাণ কৰিব নোৱাৰিলে। আদালতৰ নিৰ্দেশৰ পিছতে বেদখলৰ ব্যৱস্থা গ্ৰহণ কৰি মাটিখিনি অবৈধ দখলৰ পৰা মুক্ত কৰা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande