
নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সৌজন্যমূলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত বৈঠক সন্দৰ্ভত তথ্য ভাগ-বতৰা কৰাৰ লগতে বৈঠকৰ ফটোও প্ৰকাশ কৰে।
বৈঠকৰ পাছতে মুখ্যমন্ত্রী যোগী আদিত্যনাথে এটা পোষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে সাক্ষাৎ কৰি তেওঁৰ দিহা-নিৰ্দেশ লাভ কৰা বুলি প্রকাশ কৰে৷ তেওঁ লিখিছে যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাই সদায় নতুন শক্তিৰ যোগান ধৰে যাতে নতুন উত্তৰ প্ৰদেশৰ উন্নয়ন যাত্ৰা আৰু অধিক ত্বৰান্বিত হয়। মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রীগৰাকীক বহুমূলীয়া সময় দিয়াৰ বাবে কৃতজ্ঞতাও প্রকাশ কৰে৷
সূত্ৰ অনুসৰি, বৈঠকত দুয়োগৰাকী নেতাই মন্ত্ৰীসভা সম্প্ৰসাৰণ, নিৰ্বাচন সম্পৰ্কীয় বিষয়, উন্নয়নৰ কাম, বিভিন্ন আঁচনিৰ অগ্ৰগতি, সমসাময়িক বিষয়সমূহৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ সভাপতি জে পি নড্ডাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া