
তেহৰাণ (ইৰাণ), ০৫ জানুৱাৰী (হি.স.)। ইৰাণত ৮ দিনীয়া প্ৰতিবাদৰ সময়ত কমেও ১৯ জন সাধাৰণ নাগৰিক আৰু এজন নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাইছে। সমগ্ৰ দেশৰ ২২২ টা স্থানত নিশাৰ ভিতৰতে বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। দেশখনৰ ২৬খন প্ৰদেশৰ ৭৮খন চহৰত ৰাজপথলৈ ওলাই আহিছে জনসাধাৰণ। মুদ্ৰাস্ফীতিৰ বিৰোধী আন্দোলনে কঁপাইছে সৰ্বোচ্চ নেতা আলী খামেনেইৰ সিংহাসন। অশান্তিৰ শিখাই পবিত্ৰ চহৰ ক’মত উপনীত হৈছে। খামেনেই যিকোনো সময়তে দেশ এৰি ৰাছিয়ালৈ যাব পাৰে।
এই তথ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সী (এইচআৰএএনএ) আৰু দ্য টাইমছৰ উদ্ধৃতিৰে ইৰাণ ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদনত দিয়া হৈছে। প্ৰতিবেদন অনুসৰি, যদিহে এই অশান্তি বৃদ্ধি পায় তেন্তে দেশৰ পৰা পলায়ন কৰিব পাৰে উচ্চতম নেতা আলী খামেনেই। যদিহে নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদ দমন কৰিব নোৱাৰে তেন্তে তেওঁ প্ৰায় ২০ জন সহায়ক আৰু পৰিয়ালৰ সৈতে মস্কোলৈ পলায়ন কৰিব পাৰে।
প্ৰতিবাদৰ অষ্টম দিন দেওবাৰে মধ্য তেহৰাণত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। বিক্ষোভকাৰীক ছত্ৰভংগ দিবলৈ ৰাজধানীৰ কেইবাটাও স্থানত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়। গোটেই নিশা বিভিন্ন চহৰত প্ৰতিবাদৰ সময়ত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে। বিশ্ববিদ্যালয়, বজাৰ আৰু প্ৰাদেশিক চহৰবোৰ অশান্তিৰ কেন্দ্ৰবিন্দু হৈয়েই থাকিল। শনিবাৰে নিশা পশ্চিম চহৰ মালেক্সাহীত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত কমেও ৫ জন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে প্ৰায় ৩০ জন আহত হয়।
চোৰাংচোৱাৰ তথ্যৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে সৰ্বোচ্চ নেতা আলী খামেনেই তেওঁৰ পুত্ৰ আৰু নিৰ্দিষ্ট উত্তৰাধিকাৰী মোজতাবাকে ধৰি ২০ জন ঘনিষ্ঠ সহায়ক আৰু পৰিয়ালৰ সৈতে ইৰাণৰ পৰা পলায়ন কৰি মস্কোলৈ যোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া