
কাঠমাণ্ডু, ০৬ জানুৱাৰী (হি.স.)। নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কীয়ে ৰাজনৈতিক দলৰ সৈতে জড়িত আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মন্ত্ৰীসকলে স্বেচ্ছাই পদৰ পৰা পদত্যাগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
মঙলবাৰে অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী কাৰ্কীয়ে উল্লেখ কৰে যে ৰাজনৈতিক দলত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লোৱা মন্ত্ৰীসকলে পৰিস্থিতিৰ মূল্যায়ন কৰি নিজৰ সিদ্ধান্ত নিজে লোৱা উচিত। সুশীলা কাৰ্কীৰ মতে তেওঁৰ মন্ত্ৰীসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী মন্ত্ৰী থাকিলে চৰকাৰৰ অখণ্ডতাক লৈ প্ৰশ্ন উত্থাপন হ’ব পাৰে।
চৰকাৰী মুখপাত্ৰ জগদীশ খাৰেলে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে কোনো মন্ত্ৰীৰ নাম উল্লেখ কৰা নাই যদিও ৰাজনৈতিক দলৰ সৈতে জড়িত মন্ত্ৰীসকলক নিজৰ অগ্ৰাধিকাৰ বিবেচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বৰ্তমান ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ উপ অধ্যক্ষ কুলমান ঘিছিঙে শক্তি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে একেটা দলৰ কেন্দ্ৰীয় সদস্য বাবলু গুপ্তাই ক্ৰীড়া মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। একেদৰে যোগাযোগ মন্ত্ৰী জগদীশ খাৰেকো ২ নং ললিতপুৰ সমষ্টিৰ আৰ এছ ভি পি প্ৰাৰ্থী হিচাপে চৰ্চা চলি আছে যদিও তেওঁ এতিয়াও আনুষ্ঠানিকভাৱে কোনো দলৰ সৈতে জড়িত নহয়।
हिन्दुस्थान समाचार / অৰৱিন্দ