বাংলাদেশত আন এজন হিন্দু যুৱকক হত্যা; দোকানৰ ভিতৰতে নিৰ্মমভাৱে ব্যৱসায়ীক হত্যা
- ১৮ দিনৰ ভিতৰত বাংলাদেশত ছয়জন হিন্দুক হত্যা ঢাকা, ০৬ জানুৱাৰী (হি.স.)। বাংলাদেশত আন এজন হিন্দু নাগৰিকক নৃশংসভাৱে হত্যা কৰা হৈছে। নাৰ্চিংডি অঞ্চলত গেলামালৰ দোকানৰ মালিক শৰৎ চক্ৰৱৰ্তী মণি (৪০)ক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্য়া কৰে। ওচমান হাদীৰ হত্য
b47bc9c3971a24ddbbfd211d7b692227_373262886.jpg


- ১৮ দিনৰ ভিতৰত বাংলাদেশত ছয়জন হিন্দুক হত্যা

ঢাকা, ০৬ জানুৱাৰী (হি.স.)। বাংলাদেশত আন এজন হিন্দু নাগৰিকক নৃশংসভাৱে হত্যা কৰা হৈছে। নাৰ্চিংডি অঞ্চলত গেলামালৰ দোকানৰ মালিক শৰৎ চক্ৰৱৰ্তী মণি (৪০)ক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্য়া কৰে। ওচমান হাদীৰ হত্যাকাণ্ডৰ ১৮ দিনত পিছত সংঘটিত হোৱা হিংসাত্মক ঘটনাত ৬ জন হিন্দুক হত্যা কৰা হৈছে আৰু ২৪ ঘণ্টাৰ ভিতৰতে দুজন হিন্দুৰ মৃত্যু হৈছে। এই সকলোবোৰ ঘটনা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

সোমবাৰে নাৰ্চিংডি অঞ্চলত গেলামালৰ দোকানৰ মালিক শৰৎ চক্ৰৱৰ্তী মণি (৪০)ক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হয়। ইয়াৰ পূৰ্বে তেওঁ দক্ষিণ কোৰিয়াত কাম কৰিছিল আৰু কেইবছৰমান আগতে বাংলাদেশলৈ উভতি আহিছিল। ইয়াৰ উপৰিও যশোৰৰ মণিৰামপুৰত হিন্দু সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগীক ডিঙি ৰেপি হত্যা কৰা হয়।

বাংলাদেশৰ সমাজকৰ্মী বাপ্পাদিত্য বসুৱে শৰতৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। এই ধাৰা অব্যাহত থাকিলে কেইবছৰমানৰ ভিতৰতে বাংলাদেশত হিন্দুসকলৰ অস্তিত্ব নাশ হৈ যাব বুলি তেওঁ সকীয়াই দিয়ে।

মণিৰামপুৰ আৰক্ষী থানাৰ বিষয়া মহম্মদ ৰাজিউল্লাহ খানে জনোৱা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সাংবাদিক বৈৰাগীৰ ওপৰত আক্ৰমণ সংঘটিত হয়। ৰাণাৰ মূৰত তিনি জাঁই গুলী চলোৱা হৈছিল আৰু লগতে ডিঙি ৰেপি দিয়া হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande