
লিউব্লিয়ানা, ০৬ জানুৱাৰী (হি.স.)। অহা ২২ মাৰ্চত স্লোভেনিয়াত অনুষ্ঠিত হ’ব আগন্তুক সংসদীয় নিৰ্বাচন। ৰাষ্ট্ৰপতি নাটাছা পিৰ্ক-মুচাৰে মঙলবাৰে নিৰ্বাচন ঘোষণা কৰা আনুষ্ঠানিক ডিক্রীত স্বাক্ষৰ কৰে, যিখন নাটো আৰু ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ। এই নিৰ্বাচনত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
ৰাষ্ট্ৰপতি পিৰ্ক-মুচাৰে এক বিবৃতিত কয় যে এই ডিক্রীয়ে গণতন্ত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ পৰ্যায়ৰ আৰম্ভণি কৰিছে, য’ত নাগৰিকে পুনৰবাৰ দেশখনৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব। নিৰ্বাচনৰ পিছত অতি সোনকালে নতুন চৰকাৰ গঠন হ’ব বুলি আশা প্ৰকাশ কৰে।
মুঠ ৯০ জনীয়া সংসদত ৪৬ জন সাংসদৰ সমৰ্থন লাভ কৰা নেতাক চৰকাৰ গঠনৰ দায়িত্ব দিয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে তেওঁ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংযত ভাষা বজাই ৰাখিবলৈ আৰু বিভাজনৰ প্ৰসাৰৰ পৰিৱৰ্তে সমাজৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত মনোনিৱেশ কৰিবলৈও ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজনৈতিক দলসমূহ আৰু সংবাদ মাধ্যমক আহ্বান জনায়।
উল্লেখযোগ্য যে ২০২২ চনৰ জুন মাহৰ পৰা স্লোভেনিয়াত প্ৰধানমন্ত্ৰী ৰবাৰ্ট গ’লবৰ নেতৃত্বত কেন্দ্ৰীয় বাওঁপন্থী মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতাত আছে।এই মিত্ৰজোঁটত ছ’চিয়েল ডেম’ক্ৰেট আৰু বাওঁপন্থী দলৰ লগতে গ’লবৰ ফ্ৰিডম মুভমেণ্ট পাৰ্টিও আছে। ইফালে, প্ৰাক্তন প্ৰধানমন্ত্ৰী জেনেজ জান্সাৰ নেতৃত্বত চলি থকা এছ ডি এছ দলটো এতিয়াও আটাইতকৈ শক্তিশালী বিৰোধী দল হৈয়ে আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ