
নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে ৰাষ্ট্ৰীয় উৰ্দু ভাষা উন্নয়ন পৰিষদৰ দ্বাৰা প্ৰকাশিত খুতবাত-ই-মোডী নামৰ গ্ৰন্থখন উন্মোচন কৰে। এই গ্ৰন্থখন ২০১৪ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়োৱা স্বাধীনতা দিৱসৰ ভাষণৰ উৰ্দু সংকলন।
এই উপলক্ষে প্ৰধানে কয় যে প্ৰায় ছয় কোটি উৰ্দুভাষী ভাই-ভনীৰ বাবে প্ৰকাশিত এই গ্ৰন্থখনে প্ৰধানমন্ত্ৰীৰ চিন্তাধাৰা, সংকল্প, দৃষ্টিভংগীক একত্ৰিত কৰিছে, স্বচ্ছ ভাৰতৰ পৰা উন্নত ভাৰতলৈ। এই গ্ৰন্থখনে নাগৰিকক দেশৰ আশা-আকাংক্ষা আৰু প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাধাৰাৰ সৈতে সংযোগ কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ, য’ত অন্ত্যোদয়, দৰিদ্ৰ কল্যাণ, স্বচ্ছ ভাৰত আৰু উজ্জ্বলা যোজনাৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ সপোন এই গ্ৰন্থৰ জৰিয়তে পাঠকৰ মাজলৈ লৈ যোৱা হৈছে। এনেধৰণৰ গ্ৰন্থ নাগৰিকসকলক দেশৰ লক্ষ্য, আকাংক্ষা, প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংযোগ কৰাৰ এক শক্তিশালী মাধ্যম হৈ পৰে।
তেওঁ কয় যে এই গ্ৰন্থখন দেশৰ প্ৰতিটো পুথিভঁৰালত উপলদ্ধ হ’ব লাগে, যাতে সমাজত ‘উন্নত ভাৰত’ৰ লক্ষ্যৰ সন্দৰ্ভত ব্যাপক চৰ্চা হ’ব পাৰে। ভাৰতৰ চহকী ঐতিহ্য, সংস্কৃতি, জ্ঞান পৰম্পৰাৰ সৈতে জড়িত উৰ্দু ভাষাত যিমান পাৰি সিমান প্ৰকাশন প্ৰকাশ কৰিবলৈও প্ৰধানে ৰাষ্ট্ৰীয় উৰ্দু ভাষা উন্নয়ন পৰিষদক পৰামৰ্শ দিয়ে।
তেওঁ ‘খুতবাত-ই-মোডী’ৰ প্ৰশংসনীয় প্ৰকাশৰ বাবে পৰিষদক অভিনন্দন জনায় আৰু এই গ্ৰন্থখনে প্ৰধানমন্ত্ৰীৰ সংকল্প আৰু ধাৰণাসমূহ সাধাৰণ জনতা, বুদ্ধিজীৱী আৰু যুৱক-যুৱতীসকলৰ মাজত ফলপ্ৰসূভাৱে প্ৰেৰণ কৰাত সহায়ক ৰূপে প্ৰমাণিত হ’ব বুলি আশা প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া