
গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন সমাগত ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ ব্যতিক্ৰম নহয় বিজেপিৰ বোকাখাত মণ্ডলো ৷
সোমবাৰৰ পৰা বিজেপিৰ বোকাখাত মণ্ডলে দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰে ।বোকাখাতত ৩ খনকৈ মণ্ডলৰ কাৰ্যকৰ্তা সমবেত হৈ গোলাঘাট জিলা সমিতিৰ সহ-প্ৰভাৰীৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ন কৰে । বোকাখাত পৌৰসভাৰ ৩ নং ৱাৰ্ডত দেৱাল লিখনিৰে বিজেপি নেতা-কৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে । গোলাঘাট জিলা বিজেপিৰ সহ-প্ৰভাৰী ব্ৰজেন কাকতি, হোজাই জিলাৰ প্ৰভাৰী অনিমেষ শইকীয়াৰ হাতেৰে দেৱালত বিজেপিৰ শ্ল'গান লিখিলে দলটোৱে । সমাগত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু বিজেপি দল
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা