ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নীক আমেৰিকাৰ আদালতত হাজিৰ কৰোৱাৰ প্ৰস্তুতি
ৱাশ্বিংটন/কাৰাকাছ, ০৫ জানুৱাৰী (হি.স.)। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক সোমবাৰে ফেডাৰেল আদালতত হাজিৰ কৰোৱা হ’ব। ভেনিজুৱেলাত সামৰিক আক্ৰমণৰ পিছত গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ অনা মাদুৰো আৰু ফ্ল’ৰেছৰ বিৰুদ্ধে নাৰ্কো-
काराकस में धमाके (बाएं) और निकोलस मादुरो । फोटो कोलाज - इंटरनेट मीडिया


वेनेजुएला की राजधानी काराकस में लोग एक स्टोर पर किराने का सामान लेने के लिए कतारबद्ध। फोटो - इंटरनेट मीडिया


ৱাশ্বিংটন/কাৰাকাছ, ০৫ জানুৱাৰী (হি.স.)। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক সোমবাৰে ফেডাৰেল আদালতত হাজিৰ কৰোৱা হ’ব। ভেনিজুৱেলাত সামৰিক আক্ৰমণৰ পিছত গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ অনা মাদুৰো আৰু ফ্ল’ৰেছৰ বিৰুদ্ধে নাৰ্কো-সন্ত্ৰাসবাদৰ অভিযোগ উত্থাপন কৰা হ’ব। ইফালে ভেনিজুৱেলাৰ লোকসকল ভৱিষ্যতক লৈ ভয় আৰু আশংকাত ভুগিছে। ৰাস্তাবোৰ জনশূন্য হৈ পৰিছে, মানুহে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধ গোটাইছে।

চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি সোমবাৰে ভেনিজুৱেলাৰ একনায়কত্ববাদী নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীয়ে ফেডাৰেল ন্যায়াধীশৰ সন্মুখত হাজিৰ হ’ব। নিউয়ৰ্কৰ দক্ষিণ জিলাৰ বাবে আমেৰিকাৰ জিলা আদালতৰ এগৰাকী মুখপাত্ৰই দেওবাৰে এই কথা নিশ্চিত কৰে। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, সোমবাৰে দুপৰীয়া ১২ বজাত মাদুৰো আৰু চিলিয়া ফ্ল’ৰেছ ফেডাৰেল আদালতত হাজিৰ হ’ব। শনিবাৰে কাৰাকাছত আমেৰিকাৰ সামৰিক অভিযানৰ সময়ত ভেনিজুৱেলাৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত অপৰাধমূলক অভিযোগত তেওঁলোকৰ এইটোৱেই হ’ব প্ৰথম আদালতত হাজিৰ হোৱা। ব্ৰুকলিনৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰত শনিবাৰে প্ৰায় ৮:৫২ বজাত উপস্থিত হয় মাদুৰো। ইফালে তেওঁৰ পত্নীক অজ্ঞাত স্থানত ৰখা হৈছে।

কংগ্ৰেছক অৱগত কৰা হ’ব:

খবৰ অনুসৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলে কংগ্ৰেছৰ কিছুমান সদস্যক সোমবাৰে ৫:৩০ বজাত ভেনিজুৱেলাৰ বিষয়ে গোপনীয় ব্রিফিং প্ৰদান কৰিব। প্ৰশাসনৰ এজন বিষয়াৰ মতে, বিদেশ সচিব মাৰ্কো ৰুবিঅ’, যুদ্ধ সচিব পিট হেগছেথ, এটৰ্নী জেনেৰেল পেম বণ্ডি, চিআইএৰ সঞ্চালক জন ৰেটক্লিফ আৰু যুটীয়া মুৰব্বীসকলৰ অধ্যক্ষ জেনেৰেল ডেন কেইনে কংগ্ৰেছক সমগ্ৰ সামৰিক অভিযানৰ বিষয়ে অৱগত কৰিব।

ভেনিজুৱেলাত আটক হৈ আছে চাৰিজন আমেৰিকান:

এজন অধিবক্তাৰ মতে ভেনিজুৱেলাত কমেও চাৰিজন আমেৰিকান আটক। বন্ধৰ পূৰ্বে ভেনিজুৱেলাত বন্দী হৈ থকা কিছুমান আমেৰিকান এতিয়াও আছে বুলি আমেৰিকা চৰকাৰে জানে। চিনেটৰ ক্ৰীছ ভ্যান হলেনে কয় যে আমি বিদেশত ভুলকৈ আটক কৰা প্ৰতিজন আমেৰিকানক ঘূৰাই অনাৰ বাবে কাম কৰিব লাগিব।

ভেনিজুৱেলা মাদুৰোৰ সৈতে থিয় দিছে:

ফক্স নিউজৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে ভেনিজুৱেলাৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে মাদুৰোৰ আঁৰত দেশখন একত্ৰিত। এটা ৰেকৰ্ডিঙত প্ৰতিৰক্ষা মন্ত্ৰী ডিঅ’ছডাডো কেবেলোৱে কয় যে বিপ্লৱী শক্তিসমূহৰ ঐক্য সম্পূৰ্ণ একত্ৰিত। মাদুৰো দেশৰ ৰাষ্ট্ৰপতি হৈ আছে আৰু থাকিব। ইফালে উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে দেশৰ অন্তৱৰ্তীকালীন নেতৃত্ব গ্ৰহণ কৰিছে।

বিৰোধীৰ আনন্দ উদযাপন:

চিএনএনৰ মতে, ভেনিজুৱেলাই অনিশ্চিত সময়ছোৱাত প্ৰৱেশ কৰিছে। ৰাজধানী আৰু অন্যান্য চহৰৰ ৰাজপথবোৰ জনশূন্য হৈ পৰিছে। নিৰাপত্তা বাহিনী নিয়োগ হোৱাৰ ফলত মানুহে ওলাই আহিবলৈ ভয় কৰিছে। মানুহে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ মজুত কৰি ৰাখিছে। বিৰোধীয়ে মনে মনে আনন্দ উদযাপন কৰিছে। তেলৰ প্ৰধান কেন্দ্ৰ মাৰাকাইবো চহৰত গেলামালৰ দোকানৰ বাহিৰত দীঘলীয়া লাইন গঠন হৈছে। এই অনিশ্চয়তা ব্যাপক হৈ পৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande