প্ৰ’ ৰেছলিং লীগ ২০২৬: নিলামৰ নতুন অভিলেখ সৃষ্টি, ৬৩ জন মল্লযুঁজাৰুৰ ওপৰত ₹১১ কোটিতকৈও অধিক ব্যয়
নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। ভাৰতীয় মল্লযুঁজ সংঘ বা ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া (ডব্লিউ এফ আই)ৰ স্বীকৃতিপ্ৰাপ্ত ফ্ৰেঞ্চাইজি ভিত্তিক পেছাদাৰী মল্লযুঁজ প্ৰতিযোগিতা প্ৰ’ ৰেছলিং লীগ (পি ডব্লিউ এল)ৰ পঞ্চম ছিজনৰ নিলাম শনিবাৰে ঐতিহাসিক অভিলেখৰে সামৰণ
प्रो रेसलिंग लीग ऑक्शन


নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। ভাৰতীয় মল্লযুঁজ সংঘ বা ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া (ডব্লিউ এফ আই)ৰ স্বীকৃতিপ্ৰাপ্ত ফ্ৰেঞ্চাইজি ভিত্তিক পেছাদাৰী মল্লযুঁজ প্ৰতিযোগিতা প্ৰ’ ৰেছলিং লীগ (পি ডব্লিউ এল)ৰ পঞ্চম ছিজনৰ নিলাম শনিবাৰে ঐতিহাসিক অভিলেখৰে সামৰণি পৰে। ব্যক্তিগত নিবিদাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে। বিখ্যাত ক্ৰীড়া উপস্থাপক চাৰু শৰ্মাই চূড়ান্ত হাতুৰীটো পেলোৱাৰ লগে লগে ছটা ফ্ৰেঞ্চাইজিয়ে মুঠ ৬৩ জন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰুক নিজৰ দলত সংযোজন কৰি ১১ কোটি টকাৰো অধিক ব্যয় কৰে।

মহিলা শাখাত সৰ্বাধিক নিবিদা লাভ কৰে জাপানৰ কিংবদন্তি মল্লযুঁজাৰু য়ুই চুছাকিয়ে। প্ৰাক্তন অলিম্পিক চেম্পিয়ন, দুবাৰৰ অলিম্পিক পদক বিজয়ী আৰু চাৰিবাৰৰ বিশ্ব চেম্পিয়ন চুছাকিক হাৰিয়ানা থাণ্ডাৰছে ৬০ লাখ ₹ত ক্ৰয় কৰিছিল, যিটো পিডব্লিউএলৰ ইতিহাসৰ সৰ্বোচ্চ নিবিদা। এই নিবিদাৰে হাৰিয়ানাই মুম্বাই ডেংগলছ আৰু মুম্বাইৰ টাইগাৰছক চেৰ পেলাইছে।

পুৰুষৰ শাখাত পোলেণ্ডৰ ছুপাৰ হেভিৱেট মল্লযুঁজাৰু তথা বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী ৰবাৰ্ট বাৰানক মহাৰাষ্ট্ৰ কেছাৰীয়ে ৫৫ লাখ ₹ত চুক্তিবদ্ধ কৰে, যিটো পুৰুষৰ শাখাত সৰ্বোচ্চ দাম। ভাৰতীয় মল্লযুঁজাৰু তিনিগৰাকীকে ধৰি ফ্ৰেঞ্চাইজিসমূহে নিৰ্বাচিত কৰা ১৬ গৰাকী অলিম্পিয়ান মল্লযুঁজাৰুৰ ভিতৰত আছিল বাৰাণ আৰু চুছাকি।

ঘৰুৱা মহিলা মল্লযুঁজাৰুসকলৰ ভিতৰত ভাৰতৰ আটাইতকৈ কম বয়সীয়া অলিম্পিয়ান তথা দুবাৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী অন্তিম পাংঘাল আছিল আটাইতকৈ ব্যয়বহুল। ইউ পি ডমিনেটৰে তেওঁক ৫২ লাখ ₹ত কিনিছিল । একে পৰিমাণৰ বিনিময়ত দিল্লী দংগল ৱাৰিয়ৰ্ছে ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়ন (৬৫ কেজি) সুজিত কলকলক চুক্তিবদ্ধ কৰে। পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অমন ছেহৰাৱাটক মুম্বাই ফ্ৰেঞ্চাইজিত ৫১ লাখ ₹ত যোগ কৰা হয়।

নিলামত অংশগ্ৰহণ কৰা একমাত্ৰ কানাডাৰ মল্লযুঁজাৰু আন্না গ’ডিনিছক পঞ্জাব ৰয়েলছে ৪৬ লাখ ₹ত ক্ৰয় কৰিছিল। যুই চুছাকি আৰু অনন্ত পাংঘলৰ পিছতফ্ৰেঞ্চাইজিৰ সৰ্বোচ্চ মূল্যৰ ক্ৰয় আৰু নিলামৰ তৃতীয় সৰ্বাধিক মূল্যৰ মহিলা মল্লযুঁজাৰু আছিল ।

সফল নিলামত আনন্দ প্ৰকাশ কৰি ডব্লিউ এফ আইৰ সভাপতি সঞ্জয় সিঙে কয় যে, ফ্ৰেঞ্চাইজিসমূহৰ তীব্ৰ প্ৰস্তুতি আৰু উৎসাহী অংশগ্ৰহণ দেখি অত্যন্ত সন্তুষ্টি লাগিছিল। বিশ্বৰ কিছুমান শ্ৰেষ্ঠ আৰু জনপ্ৰিয় মল্লযুঁজাৰুক পি ডব্লিউ এল ২০২৬ৰ বাবে নিৰ্বাচিত কৰা হৈছে। আমি নিশ্চিত যে এই ছিজনে জনপ্ৰিয়তা আৰু প্ৰসাৰৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব।

নিলাম প্ৰক্ৰিয়াত ২৫০ জনতকৈ অধিক মল্লযুঁজাৰুক চৰ্টলিষ্ট কৰা হৈছিল। নিলামৰ পিছত জাপান, ইৰাণ, আমেৰিকাকে ধৰি মুঠ ১৬খন দেশে পিডব্লিউএল ২০২৬ত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰা হৈছে। ২০২৬ চনৰ ১৫ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব এই লীগ।

পি ডব্লিউ এলৰ চি ই অ’ অখিল গুপ্তাই কয় যে, নিৰ্বাচিত নামসমূহে ভাৰতীয় দৰ্শকক উচ্চ পৰ্যায়ৰ মল্লযুঁজৰ অভিজ্ঞতা প্ৰদান কৰিব। আটাইতকৈ ৰোমাঞ্চকৰ কথাটো হ'ল ভাৰতীয় যুৱ প্ৰতিভাই বিশ্বৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

পি ডব্লিউ এলৰ অধ্যক্ষ দয়ান ফাৰুকিয়ে কয় যে, পঞ্চম ছিজনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এই নিলাম এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। অভিজ্ঞতা আৰু উদীয়মান প্ৰতিভাৰ সুষম মিশ্ৰণৰ সৈতে আমি এক অতি প্ৰতিযোগিতামূলক আৰু ৰোমাঞ্চকৰ ছিজনৰ আশা কৰিছো।

এটা নতুন আৰু ৰোমাঞ্চকৰ ফৰ্মেট

পি ডব্লিউ এল ২০২৬ত মেচসমূহ অধিক আক্ৰমণাত্মক কৰি তুলিবলৈ নিয়ম সলনি কৰা হৈছে। পৰম্পৰাগত তিনিটা তিনি মিনিটৰ দুটা ৰাউণ্ডৰ পৰিৱৰ্তে এতিয়া তিনিটা পিৰিয়ড থাকিব: প্ৰথমটো তিনি মিনিট, দ্বিতীয়টো দুমিনিট আৰু তৃতীয়টো এক মিনিট। চূড়ান্ত সময়ছোৱাক ছুপাৰ ৰাউণ্ড বুলি কোৱা হ’ব, য’ত প্ৰতিটো বৈধ পইন্টৰ মূল্য দুগুণ কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande