টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশ দললৈ উভতিল টস্কিন, অন্তৰ্ভূক্ত নহ’ল জাকেৰ
ঢাকা, ০৪ জানুৱাৰী (হি.স.)। অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশে ১৫ জনীয়া দল ঘোষণা কৰিছে। শেহতীয়াকৈ আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পৰা আঁতৰি থকা টস্কিন আহমেদে আই এ
बांग्लादेश के कप्तान लिटन दास और तस्कीन अहमद


ঢাকা, ০৪ জানুৱাৰী (হি.স.)। অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশে ১৫ জনীয়া দল ঘোষণা কৰিছে। শেহতীয়াকৈ আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পৰা আঁতৰি থকা টস্কিন আহমেদে আই এল টি ২০ত শ্বাৰজাহ ৱাৰিয়ৰ্ছৰ হৈ খেলিছিল। এতিয়া তেওঁক পোনপটীয়াকৈ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে।

টপ অৰ্ডাৰ বেটছমেন লিটন কুমাৰ দাসক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ছাইফ হাছানক উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। জাকেৰ আলীৰ উপৰিও নিৰ্বাচকসকলে মহিদুল ইছলাম আংকনক বাদ দিছে। তদুপৰি ফৰ্মত থকা নাজমুল হোছেইন শান্তো দলৰ পৰা বঞ্চিত হয়।

বাংলাদেশক গ্ৰুপ চিত স্থান দিয়া হৈছে, য’ত ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, নেপাল, অভিষেক ঘটোৱা ইটালীৰ বিৰুদ্ধে খেলিব। বাংলাদেশে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছতে ৯ ফেব্ৰুৱাৰীত ইটালী, ১৪ ফেব্ৰুৱাৰীত ইংলেণ্ড (দুয়োখন মেচ কলকাতাত), আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত নেপালৰ বিৰুদ্ধে খেলিব।

বাংলাদেশৰ টি-২০ বিশ্বকাপ দল

লিটন কুমাৰ দাস (অধিনায়ক), মহম্মদ ছৈফ হাছান (উপ অধিনায়ক), তাঞ্জিদ হাছান, মহম্মদ পাৰভেজ হোছেইন ইমন, তৌহিদ হৃদয়, ছামিম হোছেইন, কাজী নুৰুল হাছান সোহান, মহেদী হাছান, ৰিছাদ হোছেইন, নাছুম আহমেদ, মুস্তাফিজুৰ ৰহমান, তাঞ্জিম হাছান চাকিব, তাছকিন আহমেদ, মোড শ্বাইফুদ্দিন, শ্বোৰিফুল ইছলাম

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande