
নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। হকী ইণ্ডিয়া লীগৰ মহিলা দল সুৰমা হকী ক্লাবে চলিত ২০২৫-২৬ ছিজনত হতাশাজনক প্ৰদৰ্শনৰ অন্তত মুখ্য প্ৰশিক্ষক জুড মেনেজেছৰ সৈতে বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। দেওবাৰে ক্লাবটোৱে আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰি দলটোৰ দুৰ্বল ফলাফলৰ বাবেই এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰে।
পূৰ্বৰ ছিজনত (২০২৪-২৫) সুৰমা হকী ক্লাবে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৰানাৰ্ছ আপৰ স্থান দখল কৰে। অৱশ্যে চলিত ছিজনত দলটোৰ আৰম্ভণি বেয়া হৈছে। এই পৰ্যন্ত চাৰিওখন মেচত পৰাস্ত হোৱা দলটোৱে পইণ্ট তালিকাত দুৰ্বল অৱস্থাত ৰাখিছে।
সুৰমা হকী ক্লাবৰ লীগত আৰু দুখন মেচ খেলিবলগীয়া আছে, ৰাঞ্চি ৰয়েলছ আৰু শ্ৰাচি বেংগল টাইগাৰ্ছৰ বিৰুদ্ধে। এই গুৰুত্বপূৰ্ণ মেচসমূহৰ পূৰ্বে দল পৰিচালনা সমিতিয়ে প্ৰশিক্ষক কৰ্মচাৰীক পুনৰ গঠন কৰি এক নতুন দিশ প্ৰদানৰ চেষ্টা কৰিছে।
প্ৰতিযোগিতাখনৰ বাকী থকা মেচসমূহৰ বাবে ভাৰতীয় প্ৰাক্তন অধিনায়ক তথা দলৰ গুৰু ৰাণী ৰামপালক অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে ক্লাবটোৱে। বৰ্তমানৰ প্ৰশিক্ষক কৰ্মচাৰীয়ে সহায় কৰিব ৰাণী ৰামপালক। তেওঁৰ নেতৃত্বত দলটোৱে ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে।
সুৰমা হকী ক্লাবৰ পৰিচালনা সমিতিৰ মতে এই পৰিৱৰ্তনে দলৰ আত্মবিশ্বাস আৰু কৌশল উন্নত কৰাত সহায় কৰিব। সকলোৰে দৃষ্টি এতিয়া ৰাণী ৰামপালৰ নিৰ্দেশনাত আগন্তুক মেচসমূহৰ ওপৰত, য'ত দলটোৱে সন্মানজনক প্ৰত্যাৱৰ্তনৰ বাবে চেষ্টা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া