
নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। ভাৰতীয় ৰেছলিং ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত ফ্ৰেঞ্চাইজি ভিত্তিক প্ৰতিযোগিতা প্ৰফেচনেল ৰেছলিং লীগে আগন্তুক পঞ্চম ছিজনৰ বাবে ছটা ফ্ৰেঞ্চাইজি আৰু ইয়াৰ মালিকীস্বত্বৰ গাঁথনি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। চলিত ২০২৬ চনৰ জানুৱাৰী মাহত নতুন ফৰ্মেট আৰু শক্তিশালী গাঁথনিৰে পুনৰ ঘূৰি আহিব লীগখন।
ঘোষিত ফ্ৰেঞ্চাইজিসমূহৰ ভিতৰত আছে দিল্লী ডেংগল ৱাৰিয়ৰ্ছ (ইজমাইট্ৰিপ), হাৰিয়ানা থাণ্ডাৰছ (বিকাশ পৰাশৰমপুৰীয়া), টাইগাৰ্ছ অৱ মুম্বাই ডেংগলছ (এস্পেক্ট গ্ৰুপ এণ্ড এপকো গ্ৰুপ), মহাৰাষ্ট্ৰ কেছাৰী (সনৰাজ গ্ৰুপ), পঞ্জাব ৰয়েলছ (চিডিআৰ গ্ৰুপ), আৰু ইউপি ডমিনেটৰছ (ৰুবিক্স ৰিয়েলটি)। এই দলসমূহে সমগ্ৰ দেশৰ শক্তিশালী মল্লযুঁজৰ পৰম্পৰা আৰু চহকী প্ৰতিভাৰ ভিত্তি থকা ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰে।
পি ডব্লিউ এলৰ চি ই অ’ অখিল গুপ্তাই কয় যে পঞ্চম ছিজনটো লীগৰ বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হ’ব। শক্তিশালী আৰু বৈচিত্ৰময় মালিকীস্বত্ব গোটৰ সৈতে, লীগে পেছাদাৰিত্ব, গাঁথনিগত খেলুৱৈ বিকাশ, আৰু দীৰ্ঘম্যাদী বহনক্ষমতাৰ দিশত আগবাঢ়িছে। তেওঁলোকৰ মতে এই গাঁথনিয়ে ভাৰতীয় মল্লযুঁজক বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰাত সহায় কৰিব।
প্ৰতিটো ফ্ৰেঞ্চাইজি অভিজ্ঞ ব্যৱসায়িক গোট আৰু ক্ৰীড়া ব্যৱস্থাপনা, আন্তঃগাঁথনি, প্ৰযুক্তি, আৰু তৃণমূল পৰ্যায়ৰ উন্নয়নৰ বিশেষজ্ঞতা থকা বিখ্যাত উদ্যোগৰ ব্যক্তিসকলৰ দ্বাৰা সমৰ্থিত। ইয়াৰ দ্বাৰা লীগখনক কেৱল বাণিজ্যিক শক্তি প্ৰদান কৰাই নহয়, খেলুৱৈকেন্দ্ৰিক পৰিৱেশ তন্ত্ৰৰ পোষকতাও হ’ব।
পি ডব্লিউ এলৰ লক্ষ্য হৈছে বিশ্বমানৰ প্ৰতিযোগিতা, আধুনিক লীগ গাঁথনি, আৰু বহনক্ষম বিনিয়োগৰ আৰ্হিৰ জৰিয়তে ভাৰতত পেছাদাৰী মল্লযুঁজৰ নতুন যুগৰ সূচনা কৰা, য’ত শীৰ্ষস্থানীয় ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰুসকলে অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া