নতুন দিল্লী, ৫ ছেপ্টেম্বৰ (হি.স.)। শুকুৰবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা কৰ ফাঁকি, অবৈধ জুৱা আৰু ধন সৰবৰাহৰ গোচৰত বিচৰা পলাতক হৰ্ষিত বাবুলাল জৈনক প্ৰত্যাৰ্পণ কৰে। আজি আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৈনক গুজৰাট আৰক্ষীক গতাই দিয়া হয়। এই সমগ্ৰ প্ৰক্ৰিয়াত চিবিআইয়ে গুজৰাট আৰক্ষী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত কাম কৰিছিল।
চিবিআইৰ তথ্য অনুসৰি গুজৰাট আৰক্ষীয়ে দীৰ্ঘদিন ধৰি জৈনক বিচাৰি আছিল। ইয়াৰ অধীনত ২০২৩ চনৰ ৯ আগষ্টত ইণ্টাৰপ’লৰ জৰিয়তে চিবিআইয়ে তেওঁৰ বিৰুদ্ধে ৰঙা জাননী জাৰি কৰিছিল।ৰঙা জাননী জাৰি কৰাৰ পিছত জৈনক সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা বিতাড়িত কৰি ভাৰতলৈ অনা হৈছিল।
চিবিআইয়ে ভাৰতত ইণ্টাৰপ’লৰ নেশ্যনেল চেণ্ট্ৰেল ব্যুৰো (এনচিবি) হিচাপে কাম কৰে। অৰ্থাৎ চিবিআইয়ে ইন্টাৰপলৰ পৰা অহা সকলো অনুৰোধ আৰু তথ্যৰ সমন্বয় সাধন কৰি দেশৰ এজেন্সীলৈ প্ৰেৰণ কৰে। চিবিআইৰ তথ্য অনুসৰি বিগত কেইবছৰমানৰ ভিতৰত ইণ্টাৰপ’ল চেনেলৰ জৰিয়তে ১০০ৰো অধিক ৱাণ্টেড অপৰাধীক ভাৰতলৈ ঘূৰাই অনা হৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী