নতুন দিল্লী, ০৭ ছেপ্টেম্বৰ (হি.স.)। চীনৰ জিনিঙত যোৱা ১৬ আগষ্টত অনুষ্ঠিত ১৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৃথিৱী বিজ্ঞান অলিম্পিয়াড (আইইএছও-২০২৫)ত ভাৰতীয় দলৰ বিজয়ী ছাত্ৰ-ছাত্ৰীক কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি আৰু পৃথিৱী বিজ্ঞান বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে সন্মানিত কৰে। টিম ইণ্ডিয়াই সুন্দৰ প্ৰদৰ্শন কৰি ১টা সোণ, ৪টা ৰূপ আৰু ২টা ব্ৰঞ্জকে ধৰি মুঠ ৭টা পদক লাভ কৰে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ভূ-বিজ্ঞান যুৱ আন্দোলন (আই-জিৱাইএম) ৰিপ’ৰ্টাৰ শাখাতো তৃতীয় পুৰস্কাৰ লাভ কৰে।
বিজয়ী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত লুধিয়ানাৰ ৰিয়ানশ গুপ্তাই সোণ, ৰূপ আৰু আই-জিইএম তৃতীয় পুৰস্কাৰ লাভ কৰে। কাপুৰথালাৰ চাৰুব্ৰত বেইনছে ২ ৰূপ আৰু ১ ব্ৰঞ্জ, জয়পুৰৰ আপম নিধি পাণ্ডেই ১ ৰূপ আৰু দিল্লীৰ প্ৰিয়ংশী ঘনঘাছে এটা ব্ৰঞ্জ লাভ কৰে। অধ্যাপক দেৱেশ ৱালিয়া আৰু অধ্যাপক হেমা অচ্যুতনৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে তত্বাৱধায়ক হিচাপে ড° জগবীৰ সিঙো আছিল।
এই উপলক্ষে ড০ জিতেন্দ্ৰ সিঙে কয় যে এইসকল যুৱক-যুৱতীয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ কয় যে এই কৃতিত্বই ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱৰ পিছত যুৱক-যুৱতীসকলৰ মাজত বিশেষকৈ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নতুন আকাংক্ষা আৰু আত্মবিশ্বাসবোধক প্ৰতিফলিত কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ