প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসীত ১১ ছেপ্টেম্বৰত মৰিচাছৰ সমকক্ষৰ সৈতে  দ্বিপাক্ষিক বাৰ্তালাপ
বাৰাণসী (উত্তৰ প্ৰদেশ), ০৮ ছেপ্টেম্বৰ (হি স)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ ছেপ্টেম্বৰত মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীৰ নাদেছাৰৰ এখন তাৰকা হোটেলত দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব। গোলকীয় কূটনীতি
फाइल फोटो


বাৰাণসী (উত্তৰ প্ৰদেশ), ০৮ ছেপ্টেম্বৰ (হি স)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ ছেপ্টেম্বৰত মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীৰ নাদেছাৰৰ এখন তাৰকা হোটেলত দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব। গোলকীয় কূটনীতিৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ এই আলোচনাৰ প্ৰস্তুতি চলি আছে। জিলা প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে, মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলাম এতিয়া তিনিদিনীয়া ভ্ৰমণসূচীৰে কাশীলৈ আহিব। অহা ১০ ছেপ্টেম্বৰৰ সন্ধিয়া কাশীত উপস্থিত হ’বহি অতিথি প্ৰধানমন্ত্ৰী গৰাকী। পাছদিনা ১১ ছেপ্টেম্বৰত দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া গংগা আৰতি দৰ্শন কৰিব। ১২ ছেপ্টেম্বৰৰ পুৱা তেওঁ শ্ৰী কাশী বিশ্বনাথ ভ্ৰমণ কৰি বাৰাণসী এৰিব।

ইফালে অহা ১১ ছেপ্টেম্বৰত দুপৰীয়া বাৰাণসীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী। তেওঁৰ বাৰাণসী ভ্ৰমণ প্ৰায় ডেৰ ঘণ্টাৰ হ’ব। দিনৰ ১২ বজাত বাবাতপুৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বায়ুসেনাৰ হেলিকপ্টাৰেৰে বিমানবন্দৰৰ পৰা পুলিচ লাইনলৈ যাব। পুলিচ লাইনৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজতে তেওঁ পোনে পোনে পথেৰে নদেচৰৰ তাজ হোটেলত উপস্থিত হ’ব। প্ৰায় ১.৩০ বজাত দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰী মোডী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা পৌৰ নিগম প্ৰশাসনে এক বিশেষ স্বচ্ছতা অভিযান আৰম্ভ কৰিছে। পৌৰ আয়ুক্তগৰাকীৰ মতে, এই বিশেষ স্বচ্ছতা অভিযানৰ উদ্দেশ্য কেৱল প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে চহৰখনক পৰিষ্কাৰ আৰু সুন্দৰ কৰি তোলাই নহয়, ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ চহৰখনতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাৰ্তা প্ৰদান কৰা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande