

কামৰূপ, ০৩ ছেপ্টেম্বৰ (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কামৰূপ আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰে। গুৱাহাটী মহানগৰীৰ সমীপৰ আমিনগাঁৱত জব্দ কৰা হৈছে ৮ কৌটি টকা মূল্যৰ হেৰ'ইন ।
উল্লেখ্য যে ৭৪ টাকৈ চাবোনৰ বাকচত উদ্ধাৰ কৰা হৈছে ৯১০ গ্ৰাম ড্ৰাগছ । নিচা যুক্ত সামগ্ৰীখিনি এম এন ০১ এই ডব্লিউ ২৬৪১ নম্বৰৰ হুণ্ডাই আই টেন বাখনৰ দৰ্জাৰ পেনেল আৰু ডিকিত লুকুৱাই আনিছিল। কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ।
এই ঘটনাত আটক কৰা হৈছে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ দুই সৰবৰাহকাৰীক গগৌ সুৱান্তক আৰু চেইলুন ভাইফেই নামৰ লোক দুজনক।
লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত বাহন খন জব্দ কৰে আৰক্ষীয়ে । হেৰ'ইন খিনি মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা নামনি অসমলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar