দোতমা সমষ্টিত ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰ দাখিল
দোতমা সমষ্টিত ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰ দাখিল ৷
দোতমা সমষ্টিত ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰ দাখিল ৷


কোকৰাঝাৰ, ০২ ছেপ্তেম্বৰ (হি.স.): বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা মঙলবাৰে কোকৰাঝাৰৰ দোতমা সমষ্টিত ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰ দাখিল ৷ মনোনয়ন দাখিলৰ পিছত প্ৰমোদ বড়োৱে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক লৈ বিশেষ মন্তব্য কৰে।

তেওঁ কয় যে হাগ্ৰামা মহিলাৰীয়ে পূৱ বুলি কলে পশ্চিমক বুজায় । তেওঁ সদায় ওলোটা কথা কয় । আপোনালোকক পূৱফালে বুলি কলে পশ্চিমফালে যাব। নহলে বিপদত পৰিব পাৰে। হাগ্ৰামা মহিলাৰীয়ে যদি ২০ খন আসন পাব বুলি কৈছে সেয়া ২ খনো হ'ব পাৰে । আনহাতে এইবাৰ বিটিচিত ইউপিপিএল দলে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলিও দৃঢ়তাৰে ব্যক্ত কৰে প্ৰমোড বড়োৱে । অকল কোকৰাঝাৰতে ১২ টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিত জিকিব ইউপিপিএলে। ইফালে ৰাইজৰ দাবীত দুটাকৈ সমষ্টিত নিৰ্বাচন খেলিব লগা হৈছে বুলিও ব্যক্ত কৰে প্ৰমোড বড়োৱে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande