দেৱৰগাঁঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ মনোনয়ন দাখিল
দেৱৰগাঁঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে দাখিল কৰিলে মনোনয়ন ।
দেৱৰগাঁঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ মনোনয়ন দাখিল


কোকৰাঝাৰ, ০২ ছেপ্তেম্বৰ (হি.স.): আজি অন্তিম দিনা দেৱৰগাঁঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে দাখিল কৰিলে মনোনয়ন । ইফালে সংবাদ মাধ্যমৰ আগত আগন্তুক পৰিষদীয় নিৰ্বাচনত বিপিএফে জয়লাভ কৰিব বুলি হাগ্ৰামাই দাবী কৰে।

তেঁও কয় যে ২০ ৰো অধিক আসন লাভ কৰি বিপিএফ দলে চৰকাৰ গঠন কৰিব । প্ৰমোদ বড়োৰ ইউপিপিএল দলে একো মেজিক নম্বৰ নাপায় । ভাগ্য থাকিলে দুই এখন আসন পাব । প্ৰমোদ বড়ো, খাম্ফা বৰগয়াৰী হাৰিব । বিপিএফৰ বাবে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে । সকলোৰে আশা আমি পুৰণ কৰিম । ইউপিপিএলৰ হাজাৰ হাজাৰ সমৰ্থক সকলে মোক ফ্লাইং কিচ দিয়ে, ভিক্টৰী চিম্বল দেখুয়ায়, নমস্কাৰ কৰে । ইয়াৰ অৰ্থ ভিতৰি ভিতৰি সকলো বিপিএফ । খাম্ফা বৰগয়াৰীক ইউপিপিএল দলে হৰুয়াব ।

উল্লেখ্য যে আজি বিপিএফৰ হৈ ছালাকাটি সমষ্টিত দেৰহাছাৎ বসুমতাৰী, বাওখুংগ্ৰী সমষ্টিত দনেশ্বৰ গয়াৰী, দোতমা সমষ্টিত প্ৰকাশ বসুমতাৰী , ফকিৰাগ্ৰাম সমষ্টিত এজামুল হক, বনৰগাঁও সমষ্টিত যুবিৰাজ ব্ৰহ্ম আৰু দেৱৰগাঁত হাগ্ৰামা মহিলাৰীয়ে একেলগে মনোনয়ন পত্ৰ সহ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande