ৰায়গড়, ০২ ছেপ্টেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চক্ৰধৰ সমাৰোহৰ ষষ্ঠ দিনা সোমবাৰে সন্ধিয়া ৰায়গড়ৰ কুমাৰী সৌম্য শৰ্মাই মঞ্চত প্ৰদৰ্শন কৰা চমৎকাৰ কথক নৃত্যৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। তেওঁ তিনি তালত গণেশ বন্দনা, জয়পুৰ ঘৰানাৰ টোড়ে-টুকড়ে, ১৬ চক্কাৰ, যুগলবন্দী ফুটৱৰ্ক আৰু ৰাগা কেদাৰত এটি তৰানা উপস্থাপন কৰে। সৌম্যৰ চমকপ্ৰদ অভিব্যক্তি, ছন্দ আৰু খোজৰ তালে দৰ্শকৰ হৃদয় জয় কৰিছিল।
উল্লেখযোগ্য যে কুমাৰী সৌম্য শৰ্মাই পাঁচ বছৰ ধৰি গুৰু পূজা জৈন প্ৰয়াগ সংগীত সমিতিৰ পৰা কথক প্ৰশিক্ষণ গ্ৰহণ কৰি নিৰন্তৰ অনুশীলন অব্যাহত ৰাখিছে। এই পৰ্যন্ত বহু সন্মানীয় মঞ্চত সৌম্যক সম্বৰ্ধনা জনোৱা হৈছে। ৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাত প্রথম আৰু দ্বিতীয় স্থান দখল কৰি জিলা তথা ৰাজ্যলৈ বঁটা কঢ়িয়াই আনিছে শিল্পীগৰাকীয়ে ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া