'বাগী ৪'ৰ নতুন গীত 'য়ে মেৰা হুছন' মুক্তি
বলীউডৰ একচন তাৰকা টাইগাৰ শ্ৰফ আকৌ এবাৰ নিজৰ অনুৰাগীক বহু একচন, নৃত্য আৰু মনোৰঞ্জন দিবলৈ সাজু হৈছে। তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘বাগী ৪’ ছবিগৃহত মুক্তি পাবলৈ প্ৰায় সাজু হৈছে। ২০২৫ চনৰ ৫ ছেপ্টেম্বৰত ছবিখনৰ মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে আৰু তাৰিখটো ওচৰ
হৰনাজ সন্ধু ফাইল ফটো


বলীউডৰ একচন তাৰকা টাইগাৰ শ্ৰফ আকৌ এবাৰ নিজৰ অনুৰাগীক বহু একচন, নৃত্য আৰু মনোৰঞ্জন দিবলৈ সাজু হৈছে। তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘বাগী ৪’ ছবিগৃহত মুক্তি পাবলৈ প্ৰায় সাজু হৈছে। ২০২৫ চনৰ ৫ ছেপ্টেম্বৰত ছবিখনৰ মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে আৰু তাৰিখটো ওচৰ চাপি অহাৰ লগে লগে দৰ্শকৰ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। এইবাৰ দেখা যাব ‘বাগী ৪’ত টাইগাৰ শ্ৰফৰ সৈতে নতুন মুখ। এই মুখখন মিছ ইউনিভাৰ্ছ ২০২১ হৰনাজ সন্ধুৰ। এই ছবিখনৰ জৰিয়তে হৰ্নাজে ডাঙৰ পৰ্দাত বিস্ফোৰক প্ৰৱেশ কৰিবলৈ ওলাইছে আৰু টাইগাৰৰ সৈতে তেওঁৰ যোৰাটো প্ৰথমবাৰৰ বাবে দেখা যাব।

শেহতীয়াকৈ ছবিখনৰ নিৰ্মাতাসকলে মুকলি কৰিছে নতুন গীত ‘য়েহ মেৰা হুছন’। এই গীতটোত হৰনাজ সন্ধুৰ নৃত্য আৰু তেওঁৰ আকৰ্ষণীয় শৈলীয়ে দৰ্শকৰ মন জয় কৰিছে। বিখ্যাত কণ্ঠশিল্পী শিল্পা ৰাৱে গীতটিত সুৰীয়া কণ্ঠ প্ৰদান কৰিছে। কেৱল হৰনাজেই নহয় গীতটোত আন এক চমকপ্ৰদ প্ৰৱেশ দেখা গৈছে, সেয়া হ’ল সঞ্জয় দত্ত। তেওঁ ছবিখনত এজন শক্তিশালী আৰু বিপজ্জনক খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব, যাৰ আভাস এই গীতটোত দেখা গৈছে।

ছবিখনৰ ষ্টাৰকাষ্ট

ছবিখনত টাইগাৰ শ্ৰফ, হৰনাজ সন্ধু আৰু সঞ্জয় দত্তৰ উপৰিও সোণম বাজৱাকো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। তাইৰ প্ৰৱেশে ছবিখনত গ্লেমাৰ আৰু মনোৰঞ্জনৰ মাত্ৰা আৰু অধিক বৃদ্ধি কৰিবলৈ গৈ আছে। কানাড়া চিনেমাৰ হিট ছবি ‘বজৰংগী’ আৰু ‘বেধা’ৰ বাবে পৰিচিত এ হৰ্ষৰ পৰিচালক ‘বাগী ৪’। এইবাৰ হিন্দী চিনেমাত নিজৰ পৰিচালনাৰ দক্ষতা দেখুৱাবলৈ আহিছে। একে সময়তে ছবিখনৰ প্ৰযোজক বিখ্যাত প্ৰযোজক সাজিদ নাদিয়াদৱালাই।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande