কাঠমাণ্ডু, ০২ ছেপ্টেম্বৰ (হি.স.)। টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ প্লাছ সন্মিলনৰ অন্তত বেইজিঙত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি। সামৰিক পেৰেডত অংশগ্ৰহণৰ বাবে বুলেট ট্ৰেইনেৰে যাত্ৰা কৰিছে নেপালৰ প্ৰতিনিধি দলটোৱে।
প্ৰধানমন্ত্ৰী অলিয়ে তেওঁৰ ছ’চিয়েল মিডিয়া চাইট ‘এক্স’ত টিয়ানজিনৰ পৰা বুলেট ট্ৰেইনযোগে বেইজিংলৈ যোৱাৰ বিষয়ে অৱগত কৰিছে। বেইজিঙত উপস্থিত হোৱাৰ লগে লগে তেওঁক চীনৰ বিষয়াসকলে আদৰণি জনায়। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙক সাক্ষাৎ কৰিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আয়োজন কৰা ৰাজ্যিক ভোজনতো অংশগ্ৰহণ কৰিব নেপালৰ প্ৰতিনিধি দলটোৱে।
ইয়াৰ পূৰ্বে টিয়ানজিনত প্ৰধানমন্ত্ৰী অলিয়ে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল। তেওঁলোকৰ ভ্ৰমণৰ শেষ অনুষ্ঠান হিচাপে নেপালৰ প্ৰতিনিধি দলটোৱে ৩ ছেপ্টেম্বৰত বেইজিঙত ফেচিবাদ আৰু জাপানৰ আগ্ৰাসনৰ বিৰুদ্ধে যুদ্ধত চীনৰ বিজয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপনত বিশ্বৰ নেতাসকলৰ সৈতে যোগ দিব।ইয়াৰ পিছত একেদিনাই প্ৰতিনিধি দলটোৱে নেপাললৈ উভতি যাব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী