উত্তৰ কোৰিয়াৰ শাসক কিম জং উন বিশেষ সাজসজ্জিত ৰে’লত বেইজিঙলৈ ৰাওনা
– জিনপিং আৰু পুটিনৰ সৈতে বিজয় দিৱসৰ পেৰেডত কৰিব অংশগ্ৰহণ পিয়ংইয়াং, ০২ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে মঙলবাৰে তীব্ৰ নিৰাপত্তাৰ মাজত নিজৰ বিশেষ সাজসজ্জিত ৰে’লযোগে পিয়ংইয়াঙৰ পৰা চীন অভিমুখে ৰাওনা হয় । বুধবাৰে বেইজিঙত অনুষ্ঠিত
किम जोंग उन बख्तरबंद ट्रेन में सवार होकर बीजिंग रवाना


– জিনপিং আৰু পুটিনৰ সৈতে বিজয় দিৱসৰ পেৰেডত কৰিব অংশগ্ৰহণ

পিয়ংইয়াং, ০২ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে মঙলবাৰে তীব্ৰ নিৰাপত্তাৰ মাজত নিজৰ বিশেষ সাজসজ্জিত ৰে’লযোগে পিয়ংইয়াঙৰ পৰা চীন অভিমুখে ৰাওনা হয় । বুধবাৰে বেইজিঙত অনুষ্ঠিত হ’বলগীয়া ‘বিজয় দিৱস’ পেৰেডত অংশগ্ৰহণ কৰিব কিম জং উনে। চীনৰ এই পেৰেডত কিম জং উনক চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে একেখন মঞ্চত দেখা যাব।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সীৰ মতে, কোৰিয়ান ৱৰ্কাৰছ পাৰ্টিৰ সাধাৰণ সম্পাদক তথা কোৰিয়া গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজ্যিক পৰিক্ৰমাৰ অধ্যক্ষ কিম জং উনে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিবলৈ ১ ছেপ্টেম্বৰত নিজৰ ৰে’লত পিয়ংইয়াঙৰ পৰা ৰাওনা হয়। ২ ছেপ্টেম্বৰৰ পুৱা তেওঁৰ ৰে’লখনে সীমান্ত পাৰ হৈ যায়।কিম জঙৰ সৈতে কোৰিয়ান পিপলছ পাৰ্টিৰ কেন্দ্ৰীয় সমিতি আৰু ডিপিআৰকে চৰকাৰৰ শীৰ্ষ বিষয়াসকলে যাত্ৰা কৰি আছে। তেওঁৰ এই যাত্ৰাত ২৪ ঘণ্টা সময় লাগিব পাৰে আৰু মঙলবাৰে তেওঁ বেইজিঙত উপস্থিত হ’ব। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে এঘণ্টাৰ বিমান যাত্ৰাৰ বিকল্প এৰি পিয়ংইয়াঙৰ পৰা বেইজিংলৈ প্ৰায় ২৪ ঘণ্টা ৰে’লযোগে বেইজিংলৈ যাবলৈ বাছি লৈছিল। কিম জং উনৰ এই বিশেষ ৰে’লখনৰ চৰকাৰী নাম- টায়াং-হো। ইয়াত অভেদ্য নিৰাপত্তা ব্যৱস্থাৰ লগতে ৰাজকীয় সুবিধাও আছে।

কিম জং উনৰ সাজসজ্জিত ৰে’ল বিশেষ

দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাসমূহে বিশ্বাস কৰে যে কিমৰ ব্যক্তিগত ৰে’লখনত বুলেটপ্ৰুফ খিৰিকী, অভেদ্য কভাৰ, ৰাডাৰৰ পৰা হাত সাৰিবলৈ ডিজাইন কৰা বিশেষ জালৰ কভাৰ আৰু মৰ্টাৰ আদি আছে। কৱচ আৰু সঁজুলিৰে ভৰপূৰ টায়াং-হো ঘণ্টাত প্ৰায় ৫০ কিলোমিটাৰ বেগত চলি থাকে। ইয়াত ৰাজকীয় সুবিধা আৰু অভেদ্য নিৰাপত্তা ব্যৱস্থা আছে। ইয়াৰ গতিবেগ ৫০-৬০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে।

২০১১ চনত উত্তৰ কোৰিয়াত ক্ষমতালৈ অহা কিম জং উনে ২০১৮ চনৰ মাৰ্চৰ পৰা ২০২৩ চনৰ ছেপ্টেম্বৰলৈকে ৮টা বিদেশ ভ্ৰমণ কৰিছিল (এইবোৰত তেওঁৰ বৰ্তমানৰ বেইজিং ভ্ৰমণ অন্তৰ্ভুক্ত নহয়)। ইয়াৰে পাঁচটা ভ্ৰমণৰ বাবে কিমে নিজৰ বিশেষ সাজসজ্জিত ৰে’লখন ব্যৱহাৰ কৰিছে। ইয়াৰ ভিতৰত ২০১৮ চনৰ মাৰ্চ আৰু ২০১৯ চনৰ জানুৱাৰী মাহত বেইজিং ভ্ৰমণ আৰু ২০১৯ চনত হানয়, ভিয়েটনাম শীৰ্ষ সন্মিলন অন্য়তম । কিমে মাত্ৰ তিনিটা বিদেশ ভ্ৰমণত বিমান ব্যৱহাৰ কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande