আফগানিস্তানৰ কুনাৰত হোৱা ভয়াৱহ ভূমিকম্পত ৮০০ৰো অধিক লোক নিহত, সাহায্যৰ কামত ব্যাঘাত, ভাৰত-চীনৰ পৰা আৰম্ভ সহায়
কাবুল, ০২ ছেপ্টেম্বৰ (হি.স.)। আফগানিস্তানৰ কুনাৰ প্ৰদেশত দেওবাৰে গভীৰ নিশা অনুভূত ৬.০ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৮০০ৰো অধিক হোৱাৰ বিপৰীতে ২৮০০ৰো অধিক লোক আহত হৈছে। ভূমিকম্পৰ কেন্দ্ৰবিন্দু জালালাবাদৰ
আফগানিস্তানৰ কুনাৰত ভয়াৱহ ভূমিকম্প


কাবুল, ০২ ছেপ্টেম্বৰ (হি.স.)। আফগানিস্তানৰ কুনাৰ প্ৰদেশত দেওবাৰে গভীৰ নিশা অনুভূত ৬.০ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৮০০ৰো অধিক হোৱাৰ বিপৰীতে ২৮০০ৰো অধিক লোক আহত হৈছে। ভূমিকম্পৰ কেন্দ্ৰবিন্দু জালালাবাদৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত্বত আছিল । ইয়াৰ পিছত ৫.২ মাত্ৰাৰ দুটা কঁপনিও অনুভৱ কৰা হয়। চৰকাৰী মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদৰ মতে, পূব আফগানিস্তানত হোৱা ভূমিকম্পত কমেও ৮১২ জন লোক নিহত হোৱাৰ লগতে ২৮১৭ জন লোক আহত হৈছে।

সমগ্ৰ বসতি ধ্বংস, উদ্ধাৰ কামত অসুবিধা

তালিবান চৰকাৰৰ তথ্য অনুসৰি নুৰগাল, ছাউকি, ৱাটপুৰ, মনোগী, চৌকে আৰু চাপা দাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বহু গাঁও সম্পূৰ্ণৰূপে ভূপাতিত হৈ পৰিছে। তালিবানৰ এজন জ্যেষ্ঠ বিষয়াই বিবিচিক কয় যে, ধ্বংসলীলা কল্পনাতীত। আমাৰ অগ্ৰাধিকাৰ ধ্বংসাৱশেষৰ পৰা মৃতদেহ আঁতৰোৱা নহয়, বৰঞ্চ জীৱিতসকলৰ ওচৰলৈ যোৱাটোৱেই। ভূমিস্খলন আৰু অবিৰত বৰষুণৰ ফলত বেছিভাগ পথ বন্ধ হৈ পৰিছে, যাৰ ফলত উদ্ধাৰকাৰী দলসমূহে বিমান পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। এই পৰ্যন্ত প্ৰায় ৪২০ জন আহত আৰু মৃত লোকক হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ বিমানযোগে প্ৰেৰণ কৰা হৈছে।

মানৱীয় সংকট গভীৰ, আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ গতি লেহেমীয়া

ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি আফগানিস্তান ইতিমধ্যে এক ভয়াৱহ মানৱীয় সংকটৰ সন্মুখীন হৈছে, য’ত আধাতকৈ অধিক জনসংখ্যাক তাৎক্ষণিক সহায়ৰ প্ৰয়োজন। স্থানীয় বিষয়াসকলে জনোৱা মতে, এতিয়ালৈকে কোনো বিদেশী চৰকাৰে পোনপটীয়াকৈ বৃহৎ সহায় প্ৰেৰণ কৰা নাই। অৱশ্যে ভাৰতে কাবুললৈ এহেজাৰ পৰিয়ালৰ তম্বু প্ৰেৰণ কৰাৰ লগতে কুনাৰলৈ ১৫ টন খাদ্য সামগ্ৰী যোগান ধৰাৰ প্ৰক্ৰিয়া চলি আছে। একে সময়তে ভাৰতে মঙলবাৰৰ পৰা অধিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হ’ব বুলিও কৈছে। আনহাতে চীনে প্ৰয়োজন অনুসৰি সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

আফগান চৰকাৰে ১৪.৬ মিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতি দিছে

ভূমিকম্পৰ মোকাবিলা কৰিবলৈ আফগান চৰকাৰে তাৎক্ষণিকভাৱে ১ কোটি ৪৬ লাখ ডলাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। টোলো নিউজ (TOLOnews)ৰ এক প্ৰতিবেদন অনুসৰি জনস্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্বাৰাফত জামানে ঘোষণা কৰিছে যে ভূমিকম্পত আক্ৰান্ত লোকক সহায় কৰিবলৈ চৰকাৰে তাৎক্ষণিক সেৱাৰ বাবে ১০ কোটি আফগান ডলাৰ (১৪.৬ মিলিয়ন ডলাৰ) আবণ্টন দিছে। প্ৰয়োজন হ’লে এই পৰিমাণ বৃদ্ধি কৰিব পৰা যাব বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় দাতাসকলক ভূমিকম্পৰ সৈতে মোকাবিলা কৰিবলৈ সমৰ্থন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

দুৰ্গম অঞ্চলত ভাবুকি বৃদ্ধি, মহামাৰীৰ সম্ভাৱনা

ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ৰ বিষয়া কেট কেৰীয়ে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলত বিগত ৪৮ ঘণ্টা ধৰি প্ৰচণ্ড বৰষুণৰ সন্মুখীন হৈ ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে। মোবাইল নেটৱৰ্ক বিকল আৰু ভঙা পথৰ বাবে দুৰ্গম গাঁৱলৈ যোৱাটো অত্যন্ত কঠিন। পানীৰ উৎস যাতে প্ৰদূষিত নহয় তাৰ বাবে অতি সোনকালে পশুৰ মৃতদেহ আঁতৰোৱাৰ কামত নিয়োজিত হৈছে সাহায্য কৰ্মী। উদ্ধাৰকাৰী দলে দুৰ্গম অঞ্চলত উপস্থিত হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি কৰ্তৃপক্ষই বিশ্বাস কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande