তিনিচুকীয়া, ১৭ ছেপ্টেম্বৰ (হি.স.)। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ লগতে ড্ৰাগছ ব্যৱসায়ীৰ সংখ্যা। লিডুত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জাংগু সহ আটক হয় দুজনকৈ যুৱক। যুৱক কেইজন ক্ৰমে লিডু টিৰাপ কলিয়ৰীৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জাংগু, বাবু সোনা আৰু মাৰ্ঘেৰিটা চাৰিআলিৰ অমিত উপাধ্যায় বুলি জানিব পৰা গৈছে।
গোপন খবৰৰ ভিত্তিত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আৰু স্থানীয় সাৰ্বজনীন প্ৰগতি সমিতিৰ বিষয়ববিয়া সকলে লিডু টিৰাপ কলিয়ৰী অঞ্চলৰ পৰা ড্ৰাগছ সহ আটক কৰে তিনি যুৱকক। ইতিমধ্যে আটকাধীন যুৱক কেইজনক লিডু আৰক্ষীক গতাই দিয়ে । বহু বছৰ ধৰি তিনি যুৱকে মাৰ্ঘেৰিটা বিভিন্ন স্থানত ড্ৰাগছৰ ৰমৰমিয়া বেহা চলাই অহাৰ অভিযোগ পোৱা গৈছে।
উল্লেখ্য যে মাৰ্ঘেৰিটা লিডুৰ বিভিন্ন স্থানত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা