বান্দৰদেৱাত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
এখন স্কুটী সহ মোৱাইল ফোন জব্দ ।
বান্দৰদেৱাত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ


লক্ষিমপুৰ, ১৫ ছেপ্টেম্বৰ (হি.স.): লক্ষিমপুৰ জিলাৰ বান্দৰদেৱাত বান্দৰদেৱা আৰক্ষীৰ দৈনিক নাকা তালাচীত যোৱাকালি বিয়লি অৰুণাচল প্ৰদেশৰ দুজন সৰবৰাহকাৰীক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আগ বাহাদুৰ থাপাই জনোৱা অনুসৰি পথালি-পাহাৰৰ পৰা বান্দৰদেৱা অভিমুখী অৰুণাচন প্ৰদেশৰ দুই স্কুটী আৰোহীক সন্দেহবশতঃ ৰৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰ পিছতে তেওঁলোকৰ স্কুটীত ভৰাই অনা ৩৫ টা কন্টেইনাৰত ৫৩.৮৬ গ্ৰাম সন্দেহজনক হেৰ’ইন আৰু দুটা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম ৷ ইতিমধ্যে বান্দৰদেৱা আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ টাচি টাৰম (৩২) আৰু অনু প্ৰাবিন (২৩) গ্ৰেপ্তাৰ কৰিছে। লগতে এআৰ ০১ টি ৯০২১ নম্বৰৰ স্কুটী আৰু এটা মোৱাইল ফোন জব্দ কৰে ৷ বান্দৰদেৱা আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande