নাওবৈছাত পুনৰ সক্ৰিয় নকল সোণৰ বেহা
নাওবৈছাত পোনৰ সক্ৰিয় নকল সোনৰ ৰমৰমীয়া বেহা।
নাওবৈছাত পুনৰ সক্ৰিয় নকল সোণৰ বেহা


লক্ষিমপুৰ, ১৫ ছেপ্টেম্বৰ (হি.স.): নাওবৈছাত পুনৰ সক্ৰিয় হৈ পৰিছে নকল সোণৰ ৰমৰমীয়া বেহা। নাওবৈছাৰ মহঘুলিৰ পৰা পুনৰ বহি ৰাজ্যত বিয়পাইছে নকল সোণৰ নাও। বিহাৰৰ লাল মোহন ৰামক লক্ষিমপুৰলৈ মাতি আনি সোণ দিয়াৰ নামত লুটিলে নগদ ধন।

উল্লেখ্য় যে হোৱাটচএপ (whatsapp) ৰ মাধ্যমত নকল সোণৰ নাও দি ভিডিও প্ৰস্তুত কৰি প্ৰেৰণ কৰি ৰামক পেলাইছিল জালত। আবু তাহেৰ, শ্বৰীফুল নেতৃত্বত চলি থকা গেঙৰ টাৰ্গেট প্ৰাক্তন আইপিএছ আনন্দ মিশ্রৰ সপোনৰ বিহাৰ। বিহাৰৰ ঔৰংবাদৰ অটল বিথাৰ লাল মোহন ৰাম নামৰ ব্যক্তি জনক ৰং নাম্বাৰত ফোন কৰি প্ৰলোভন দি সৰকালে ২ লাখ টকা। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত লালুক আৰক্ষীয়ে কালি নিশা মহঘুলিৰ পৰা আটক কৰে ৰাজু দাস ওৰফে মফাজুল ইছলামক। ঔৰংবাদৰ পৰা তিনি ভাই ককায়েকক মাতি আনি হাৰমতী ৰেলৱে ষ্টেচনৰ পৰা অজ্ঞাত স্থানলৈ লৈ গৈ কাঢ়ি ল’লে ২ লাখ টকা। আনহেত ধৃত ৰাজু দাস ওৰফে মফাজুল ইছলামৰ পৰা নগদ ৭১ হাজাৰ টকাৰ লগতে চাৰিটা মোবাইল ফোন সহ বহু আপত্তি জনক নথি উদ্ধাৰ কৰা হৈছে । গেঙটোৰ লগত জড়িত থকা আন আন ব্যক্তিক বিচাৰি লালুক মাৰাথান অভিযান আৰক্ষীয়ে চলাই আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande