গোলাঘাট, ১৫ ছেপ্টেম্বৰ (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ত সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা । ৫ নং ৰংবং অঞ্চলৰ জিতু শইকীয়া নামৰ এজন লোকৰ গৃহত চোৰে চলালে লুটপাত ।
উল্লেখ্য় যে সমীপতে অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰীৰ সভালৈ গৃহস্থ যোৱাৰ সুযোগতে এই চুৰিকাণ্ড সংঘটিত হয় । সভাৰ পৰা ঘূৰি আহি ঘৰৰ সকলো লণ্ডভণ্ড অৱস্থাত প্ৰত্যক্ষ কৰে। চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু কেইবাহাজাৰ নগদ ধন । ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ