ডিলাইত ১৫ কোটি টকা পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী
ডিলাইত ১৫ কোটি টকা পৰিমাণৰ গাঞ্জাসহ আটক দুটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
ডিলাইত ১৫ কোটি টকা পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী


কাৰ্বি আংলং, ১৭ ছেপ্টেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ মাজেৰে চুবুৰীয়া ৰাজ্যসমূহৰ পৰা ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে একাংশ অসাধু চক্ৰ সক্ৰিয় হৈ থকাৰ সময়তে যোৱাকালি মঙলবাৰে বিয়লি জিলাখনৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ গাঞ্জা। আৰক্ষীৰ গোপন তথ্যৰ ভিত্তিত ডিলাই তিনিআলিত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত জব্দ বুজন পৰিমাণৰ গাঞ্জা।

মণিপুৰ দিশৰ পৰা ৰাজস্থান অভিমুখী আৰজে ১৮ জিবি ০১২৬ নম্বৰৰ ১০ চকীয়া কন্টেইনাৰ ট্ৰাকত জব্দ গাঞ্জাখিনি। ১৪৮ টা পেকেটত প্লাষ্টিকেৰে মেৰিয়াই অনা অৱস্থাত জব্দ প্ৰায় ১৫ কুইণ্টল গাঞ্জা। ১০ চকীয়া কন্টেইনাৰৰ গাড়ীখনৰ ভিতৰত গোপন চেম্বাৰ সাজি গাঞ্জাখিনি সৰবৰাহৰ চেষ্টা কৰিছিল ধৃত সৰবৰাহকাৰীৰ। আৰক্ষীৰ তালাচীৰ সময়তে গাড়ীখনৰ চালক, হেণ্ডিমেনে পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে খেদি খেদি সৰবৰাহকাৰী দুটাক কৰায়ক্ত কৰিবলৈ সক্ষম হয়।

জব্দকৃত গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় ১৫ কোটি টকা। গাঞ্জা সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে গাড়ীখনৰ চালক হাৰিয়ানাৰ অজয় কুমাৰ, ৰাজস্থানৰ দিলদাৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande