ভাৰতৰ উন্নয়ন যাত্ৰাত বহনক্ষমতাৰ ক্ষেত্ৰত কোনো আপোচ নহয়ঃ পীয়ুষ গোৱেল
নতুন দিল্লী, ১৫ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰতৰ উন্নয়ন যাত্ৰাত বহনক্ষমতাৰ ক্ষেত্ৰত কোনো আপোচ হ’ব নোৱাৰে। বাণিজ্য মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব মানদণ্ডৰ সমন্বয়ৰ ফলত গুণগত মান, মুক্ত বাণিজ্য
कार्यक्रम को संबोधित करते पीयूष गोयल


कार्यक्रम को संबोधित करते पीयूष गोयल


নতুন দিল্লী, ১৫ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰতৰ উন্নয়ন যাত্ৰাত বহনক্ষমতাৰ ক্ষেত্ৰত কোনো আপোচ হ’ব নোৱাৰে। বাণিজ্য মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব মানদণ্ডৰ সমন্বয়ৰ ফলত গুণগত মান, মুক্ত বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰ ঘটিব।

নতুন দিল্লীৰ ভাৰত মণ্ডপামত ভাৰতীয় মান ব্যুৰো (বিআইএছ)ৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বৈদ্যুতিক কাৰিকৰী আয়োগৰ ৮৯ সংখ্যক সাধাৰণ সভা আৰু প্ৰদৰ্শনীৰ মুকলি সভাত ভাষণ দি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ‘এখন বহনক্ষম বিশ্বক প্ৰসাৰিত কৰা’ বিষয়ত ভাষণ দি গোৱেলে বহনক্ষমতা, সুৰক্ষা আৰু দক্ষতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়।

ভাৰতৰ বাবে বহনক্ষমতাৰ ক্ষেত্ৰত কোনো আপোচ নাই আৰু গ্ৰাহকৰ সুৰক্ষা, প্ৰতিযোগিতামূলক ক্ষমতা আৰু জলবায়ুৰ দায়বদ্ধতাৰ বাবে মানদণ্ড এক কৌশলগত মাধ্যম বুলিও তেওঁ আলোকপাত কৰে। গোৱালে কয় যে চৰকাৰে গুণগত আৰু বহনক্ষমতাৰ সংস্কৃতিৰ প্ৰসাৰৰ বাবে মিছন মোডত কাম কৰি আছে। তেওঁ কয় যে শক্তি দক্ষতা আৰু বহনক্ষমতাৰ ক্ষেত্ৰত বৈদ্যুতিক আৰু ইলেক্ট্ৰনিকছ উদ্যোগে মূল ভূমিকা পালন কৰিব।

গোৱেলে কয় যে ভাৰতে বহনক্ষমতাক বৃদ্ধিৰ স্তম্ভ হিচাপে বিশেষ গুৰুত্ব আৰোপ কৰে কাৰণ প্ৰতিজন ভাৰতীয়ই প্ৰকৃতিক সন্মান কৰাত বিশ্বাস কৰে, কিয়নো তেওঁ এনে এক সংস্কৃতি আৰু পৰম্পৰাত জন্মগ্ৰহণ কৰে য’ত পৰিৱেশৰ সৈতে সমন্বয় জীৱনশৈলী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জিৰ' ডিফেক্ট, জিৰ' ইফেক্টৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি গোৱেলে কয় যে চৰকাৰে গুণগত আৰু বহনক্ষমতাৰ দেশজোৰা সংস্কৃতিৰ প্ৰসাৰৰ বাবে মিছন মোডত কাম কৰি আছে।

তেওঁ ব্যাখ্যা কৰে যে এই দৃষ্টিভংগীয়ে দুটা প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে, এফালে পণ্য আৰু সেৱাৰ শূন্য দোষৰ সৈতে উচ্চতম মানদণ্ড নিশ্চিত কৰা আৰু আনফালে পৰিৱেশ আৰু গ্ৰহত শূন্য প্ৰভাৱৰ সৈতে বহনক্ষমতাৰ অনুসৰণ কৰা।

গোৱেলে বিশ্ব সম্প্ৰদায়ক এক মানক, সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ দিশত একেলগে কাম কৰিবলৈ আহ্বান জনায় য’ত সুসংহত মানদণ্ডই বৃদ্ধিৰ সূচনা কৰে, গ্ৰাহকক সুৰক্ষা দিয়ে আৰু আগন্তুক প্ৰজন্মৰ বাবে গ্ৰহটোক সুৰক্ষিত কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande